• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈৰ গান্ধী মৈদানত সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 16, 2018 6:04 pm
Rongali Bihu 1 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈতো ব্যাপক উলহ মালহৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। বিগত বৰ্ষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰিছে মঙলদৈৰ বিভিন্ন বিহু সমিতি।

উল্লেখ্য যে অইন বছৰৰ দৰে এইবছৰো সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীয়ে জিলাখনত কেন্দ্ৰীয় ভাবে যোৱা দেওবাৰৰ পৰা দুটা স্তৰত পাঁচদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিছে। এইবেলি ৬৪ সংখ্যকত ভৰি দিয়া ৰঙালী বিহুখন উদযাপন কৰা হৈছে জিলাখনৰ ঐতিহাসিক গান্ধী মৈদান খেলপথাৰত।

Apply Now

পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱটিৰ দেওবাৰে শুভাৰম্ভ কৰে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিহু উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে। শুভাৰম্ভণি অনুষ্ঠানত উদযাপন সমিতিৰ সম্পাদক দিগন্ত মণি বৰা, সমিতিৰ অন্য বিষয়ববীয়াৰ লগতে বহুতো স্থানীয় লোক উপস্থিত থাকে।

এই অনুষ্ঠানৰ পাছতেই দৰঙ জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মুকলি কৰে এক সাংস্কৃতিক শোভাযাত্ৰা। মঙলদৈ চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাত অঞ্চলটোৰ বহুতো লোকে বিভিন্ন পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে। আনহাতে শুভাৰম্ভণিৰ দিনাই আয়োজক সমিতিয়ে মঙলদৈ চহৰৰ বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠান সমূহৰ অন্ত পৰাৰ পাছতেই ৬৪ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ প্ৰথম স্তৰৰ কাৰ্যসূচীৰ অন্ত পৰে। আৰু ইয়াৰে বাকী থকা চাৰিদিন দ্বিতীয় স্তৰৰ বিহু সন্মিলনখন উদযাপন কৰা হ’ব অহা ২৪ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ।

উল্লেখ্য যে কেন্দ্ৰীয় ভাবে আয়োজিত ৬৪ সংখ্যক বিহু সন্মিলনীখনিৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ‘সদৌ অসম মুকলি বিহু’, সদৌ অসম বিহু কুঁৱৰী’, সদৌ অসম একাংকিকা নাটক’, সদৌ অসম মাৰাথন দৌৰ’ আৰু ‘সদৌ অসম চাইক্লিং’ প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। ৰাজ্যিক আৰু জিলা ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাসমূহত সৰ্বমুঠ ১.৫৯ লাখ টকাৰ পুৰস্কাৰ বিজয়ী সকলৰ মাজত বিতৰণ কৰিব বুলি কয় আয়োজক সমিতিয়ে।

ইফালে আয়োজক সমিতিয়ে জানিবলৈ দি কয় যে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে এইবাৰৰ বিহু সন্মিলনী ২৭ এপ্ৰিলত অন্ত পৰিব। উক্ত নিশা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব অসমৰ সংগীত জগতৰ চিৰ পৰিচিত তথা জনপ্ৰিয় সংগীত তাৰকা জুবিন গাৰ্গে।

আনহাতে দেওবাৰৰ দিনটোত সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উপৰি মঙলদৈৰ বিভিন্ন সমিতিয়ে বিভিন্ন অনুষ্ঠানৰ মাজেৰে হেপাহৰ ৰঙালী বিহুটি উদযাপন কৰে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd