NORTHEAST NOW (Assamese)

টংলা চহৰত উষ্ণতাৰ সীমাৰ ৩৬ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম

July 19, 2018 8:44 pm · ছাজিদ খান

আজি ওদালগুৰি জিলাৰ টংলা চহৰ আৰু ইয়াৰ আশ-পাশৰ এলেকাত উষ্ণতাই ৩৬ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে। আজি টংলা আৰু ইয়াৰ আশ-পাশৰ এলেকাত উৎকট গৰমে মানুহক বেছিভাগ সময়েই ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য কৰে।

গুগলৰ বতৰ সম্পৰ্কীয় এপ একু-ৱেডাৰ অনুসৰি টংলাৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। আজি সমগ্ৰ দিন ধৰি টংলাৰ পথসমূহত মানুহৰ উপস্থিতি অতি সেৰেঙা আছিল।

আজিৰ দিনটোত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ উপস্থিতি সেৰেঙা থকাৰ বিপৰীতে ফেন, কুলাৰ, এয়াৰ-কণ্ডিশ্যনাৰ আদিৰ দোকানসমূহত যথেষ্ট বিক্ৰি হোৱা পৰিলক্ষিত হয়।

আজিৰ দিনটোত অৱশ্যে ডাব নাৰিকল, ছফ্‌ট ড্ৰিংক, আইচক্ৰিম, কুঁহিয়াৰৰ ৰস বিক্ৰি কৰা বিপণীত যথেষ্ট বিক্ৰি হোৱাটো পৰিলক্ষিত হয়। এই বিপণীসমূহত মানুহে শীতল শাৰী পাতি থকাটো পৰিলক্ষিত হৈছিল।

বুধবাৰে টংলাত আৰ্দ্ৰতাৰ স্তৰ ৫৫ শতাংশৰ পৰা ৭৩ শতাংশৰ মাজত দুলি আছিল। তাৰোপৰি, দিনটোত সঘন বিদ্যুত কৰ্তনে ৰাইজক জ্বলা-কলা খুওৱাটো পৰিলক্ষিত হৈছিল।

Related News