কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ, ‘ গণমুক্তি সংগ্ৰাম সমিতি’ৰ আহ্বায়ক বেদান্ত লষ্কৰ আৰু সৰ্বক্ষণ কৰ্মী গোপী শইকীয়াৰ মুক্তিৰ দাবীত আজি টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে তেওঁলোকে ৰাজগড় শ্বহীদবেদী সমীপত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৰাজপথেদি চোঁচৰাই নি দাহ কৰে। নাগালিম আৰু বাংলাদেশক মাটি দি অসম চৰকাৰে থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰা কৰ্যত তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে । বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে সংগঠনটোৱে উত্তাল কৰি তোলে মৰাণ-নাহৰকাটীয়া পথ। আনহাতে সংগঠনটোৱে জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গানেৰে শাসনভাৰ লাভ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে আমচাঙৰ থলুৱা লোকসকলক উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতা কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্রীক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তিৰ প্ৰতিবাদ: মুখ্য মন্ত্রীৰ প্ৰতিকৃতি দাহ
-
By NE NOW NEWS
- Categories: অসম
Related Content
গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 18, 2024 9:36 am
আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 18, 2024 8:46 am
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 17, 2024 8:27 pm
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে
By
টিংখাঙৰ পৰা দেৱজিৎ গগৈ :
October 17, 2024 6:33 pm