• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 17, 2024 6:33 pm
637
VIEWS
Share on FacebookShare on Twitter

বিদেশী নাগৰিকৰ ভিত্তি বৰ্ষক লৈ আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক এক ঐতিহাসিক আৰু যুগান্তকাৰী ৰায় হিচাপে আখ্যা দিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

শীৰ্ষ আদালতৰ ৰায়লৈ আদৰণি জনাই এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ নেতাগৰাকীয়ে কয়, “অসমৰ ৰাজনৈতিক ইতিহাসৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ দিন । আজিৰ এই ঐতিহাসিক ৰায়ে দীৰ্ঘদিনীয়া বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ পথ মুকলি কৰিলে। তদুপৰি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ে বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিস্কৰণৰ ক্ষেত্ৰত অসম চুক্তিত উল্লেখিত ভিত্তিবৰ্ষক অধিক গ্ৰহণযোগ্য কৰি তুলিলে। এতিয়াৰ পৰা এই ক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ নাথাকিব। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীয়ে অসম এৰি যাব লাগিব। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় আম আদমী পাৰ্টিয়ে আদৰণি জনাইছোঁ। বিদেশী নাগৰিকৰ ভিত্তি বৰ্ষক লৈ চলি থকা এই বিতৰ্কৰ অৱসান হ’ল। এতিয়া খিলঞ্জীয়া অসমীয়াৰ সংৰক্ষণৰ বিষয়ত চৰকাৰে গুৰুত্ব দিয়া উচিত। ” আজি শীৰ্ষ আদালতৰ ৰায় ঘোষণাৰ পিচতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মনোজ ধানোৱাৰে।

তদুপৰি এখন বিদেশী মুক্ত অসমৰ স্বাৰ্থত ধানোৱাৰে সকলো ধৰণৰ প্ৰতিবন্ধকতা দূৰ কৰি শীঘ্ৰেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰূপায়ন কৰিবলৈ দাবী জনায়। ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিচত ভাৰতত অনুপ্ৰৱেশ কৰা প্ৰতিগৰাকী বিদেশীক চিনাক্তকৰণৰ জৰিয়তে বহিস্কৰণৰ ব্যৱস্থা কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায়। উল্লেখ্য যে আজি শীৰ্ষ আদালতে দিয়া ৰায়ত এটা কথা স্পষ্ট কৰিছে যে এতিয়াৰ পৰা বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিস্কৰণৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানতেই সম্পন্ন হ’ব।

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd