NORTHEAST NOW (Assamese)

টিহুৰ কঠালমূৰাৰ ব্যস্ত গড়কাপ্তানি পথত মৰণফান্দৰ ৰূপত জৰাজীৰ্ণ বাঁহৰ সাঁকো

March 28, 2018 3:49 pm · উৎপল গোস্বামী
Updated: March 28, 2018 5:18 pm

টিহুৰ ৪২নং জলখানা-ভঠুৱাখানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালমূৰা গাওঁৰ মাজেৰে পাৰ হৈ যোৱা গড়কাপ্তানি পথটোৱে বহুকেইখন গাওঁক সংযোগ কৰিছে।

এই পথটো  হৈছে মাগুৰি, বনগাঁও, ৰূপদিগা, হেলনা, বেতবাৰী আদি গাঁৱৰ ৰাইজৰ টিহুলৈ যোৱাৰ চমু পথ । এই পথতেই টিহু নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ সাঁকো।

প্ৰত্যেক দিনে এই বাহঁৰ সাঁকোখনৰ ওপৰেৰে ছাত্ৰ ছাত্ৰী সকলে মাগুৰি মাধ্যমিক বিদ্যালয়, মাগুৰি উচ্চ প্ৰাথমিক বিদ্যালয়, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিহু মহাবিদ্যালয় আদিলৈ অতি কষ্টকৰ আৰু বিপদজনক যাত্ৰা কৰিবলৈ বাধ্য হয় ।

টিহু নদীৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ আগতেই জৰাজীৰ্ণ হৈ ভাঙি ছিঙি যোৱাৰ পাছত আজিলৈকে চৰকাৰীভাৱে নতুনকৈ নিৰ্মাণ নকৰাৰ বাবে ৰাইজে এখন সৰু বাঁহৰ সাঁকো নিৰ্মাণ কৰি সেইখনৰ ওপৰেৰে বিপদসংকুল যাতায়ত চলাই থাকিব লগীয়াত পৰিছে ।

নদীৰ পানী বাঢ়িলে  অতি বিপজ্জনকভাবে দুলি থকা এই বাহঁৰ সাঁকো খনৰ ওপৰৰে মানুহ খোজ কাঢ়ি যোৱাৰো উপায় নাথাকে ।এই সাঁকোখনৰ  পৰা কিছু নিলগত এখন পদ দলং আছে আৰু  দুচকীয়া বাহন এখন কোনোমতেহে পাৰ কৰিব পাৰি এই সাঁকোখন পাৰ নহ’বলৈ সুবিধাজনক বিকল্প ৰাস্তা আছে যদিও বহু দুৰ ঘুৰি যাব লাগে ।সেই অঞ্চলৰ ৰাইজৰ পৰা শুনা মতে পাচঁ বছৰ মান আগতে সাঁকো খনৰ পৰা নদীত পৰি জলেশ্বৰ ৰাজবংশী নামৰ এজন লোকৰমৃত্যুও ঘটিছিল ।

স্থানীয় ৰাইজে জনোৱা মতে ৰাইজে সাঁকো খনৰ ঠাইত এখন দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু সমষ্টিৰ বিধায়কক  বহুবাৰ আবেদন কৰিছে যদিও বৰ্তমানেও কোনো সুফল ধৰা নাই । উল্লেখযোগ্য কথাটো হ’ল স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা সেইটো অঞ্চলৰে মূল বাসিন্দা । এই অঞ্চলটোৰ অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণ কৰোৱাৰ বাবে এতিয়ালৈকে  তেৱোঁ কোনো উদ্যোগ গ্ৰহণ কৰা নাই।

 উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশেৰে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ভেটি গঢ়াৰ সপোন দেখুওৱা এইখন চৰকাৰৰ দিনত এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰো এখন দলঙৰ সপোনটো বাস্তৱায়িত হব বুলি ৰাইজ আশাবাদী ।

Related News