বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱৰ সদস্য তথা নিউজ টাইম আছামৰ সাংবাদিক আজিজুল হকক ভাণ্ডাৰা বজাৰত বালি মাফিয়াই আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰা ঘটনাত অঞ্চল ব্যাপি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অবৈধভাৱে শিল বালি, কাঠৰ ব্যৱসায় কৰি থকাসকলৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে আক্ৰমণৰ বলি হ’বলগীয়া হয় সাংবাদিকগৰাকী।
আক্ৰমণকাৰী হায়দৰ আলী আৰু দিলশাদ আহমেদ নামৰ দুই মাফিয়াৰ বিৰুদ্ধে মাণিকপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।
সাংবাদিকৰ ওপৰত এই আক্ৰমণক কোকিলা প্ৰেছ ক্লাৱ, বঙাইগাঁও জিলা বাৰ্তা জীৱি সংঘ, আমছু, ,বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, কলগাছিয়া মহকুমা সাংবাদিক সংস্থা, বাঘবৰ, মইনবড়ী প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন দল সংগঠনে গৰিহণা দি দোষীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে।
অন্যথা, আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সকীয়াই দিয়ে সাংবাদিক সংগঠন সমুহে।
বিভিন্ন পৰ্যায়ত চলি অহা দুৰ্নীতি-কেলেংকাৰীকে অনিয়মসমূহ উদঙাই দি অহাৰ বাবে অসমত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে।
সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিভিন্ন সময়ত সংগঠনসমূহে দাবী তুলি আহিছে যদিও চৰকাৰে এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে।