ডকমকা কাণ্ডত জড়িত আৰু তিনিজন হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Lynching

কাৰ্বি আংলঙৰ ডকমকাত বৰ্বৰভাৱে দুজন অসমীয়া যুৱকক হত্যা কৰা কাণ্ডত জড়িত থকা আৰু তিনিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

যোৱা নিশা প্ৰায় ২ বজাত মাৰাথান অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে উক্ত ঘটনাত জড়িত থকা ডকমকাৰ পানজুৰি গাঁৱৰ পছিং ক্ৰ’, খাওছিং বে’ আৰু বৰ ক্ৰ’ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত তিনিওজনৰে ঘৰ ডকমকাৰ খাইবুং ক্ৰ’ গাঁৱত বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নীলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে আৰক্ষীয়ে ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া এই তিনিজনক লৈ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পালে।

মনকৰিবলগীয়া বিষয় এইটোৱে যে ডকমকা কাণ্ডৰ তদন্ত কৰিবলৈ কাৰ্বি আংলং আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা পাঁচজনীয়া বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰি দিছে অসম আৰক্ষীয়ে।

উল্লেখযোগ্য যে ডকমকা কাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কালি এক সংবাদমেলযোগে উৰাবাতৰিত ভোল নাযাবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল। তেওঁ লগতে

ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা বাৰ্তা প্ৰেৰণ কৰাসকলৰ বিৰুদ্ধে দুই ধৰণে ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰিছিল।

তাৰ পাছত আৰক্ষীয়ে উক্ত কাণ্ডৰ সৈতে জড়িত আন তিনিজনক গ্ৰেপ্তাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।