ডকমকা কাণ্ডৰ লগত জড়িত অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী আবছুৰ

social-media-strategy

কাৰ্বি আলংলঙৰ ডকমকাত নৃশংস আক্ৰমণৰ বলি হৈ দুই যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যতে ক্ষোভৰ উদগীৰণ ঘটোৱা পৰিলক্ষিত হোৱাৰ সময়তে এনে ঘটনাক নিন্দনীয় তথা দুৰ্ভাগ্যজনক আখ্যা দিছে বড়ো ছাত্ৰ সংগঠন আবছুৱে ।

দেওবাৰে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উক্ত অমানৱীয় ঘটনাটোৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে গৰিহণা দিয়াও দেখা যায়।

ডকমকাৰ স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয় ধৰণে যুৱক দুজনক হত্যা কৰা ঘটনা অতি দুৰ্ভাগ্যজনক তথা ঘৃণনীয়। তাৰোপৰি মৃত যুৱক দুজনৰ আত্মাৰ শান্তিৰ বাবেও ভগৱানৰ ওচৰত কামনা কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে বড়ো ছাত্ৰ সংগঠনটোৱে।

আনহাতে ছ’চিয়েল মিডিয়াত যাতে কোনো লোকে কোনো ধৰণৰ আপত্তিজনক তথা বিভ্ৰান্তি সৃষ্টিকাৰী প’ষ্ট প্ৰকাশ নকৰে তাৰ বাবেও আহ্বান জনায় আবছুৱে।

উল্লেখ্য যে আৰক্ষীয়ে উক্ত নাৰকীয় হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী কেইজনক অতি শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনায়।

ইয়াৰ উপৰি ন্যায়ৰ নামত উত্তেজিত নহৈ এনে ধৰণৰ ঘটনাৰ পৰা সকলো জনসাধাৰণকে আঁতৰি থাকিবলৈ ছাত্ৰ সংগঠনটোৱে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।