বজালীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৮ টাকৈ দুৰ্ধৰ্ষ ডকাইত

ডকাইত

বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, বজালীৰ মহকুমা আৰক্ষী বিষয়া তিলেশ্বৰ শইকীয়া, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতাৰ সৈতে আৰক্ষীৰ এটা বাহিনীয়ে আজি পুৱা ভৱানীপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই।

জানিব পৰা মতে অভিযানকালত আৰক্ষী বাহিনীৰ দলটোৱে এ এছ ১৬ এ ৯৪৫০ নম্বৰৰ এখন টাটা চুম’ আৰু এ এছ ০১ এইচ চি ০৮২৭ নম্বৰৰ এখন মাৰুতী ৰিতজত অহা ৮ টা ডকাইতক আটক কৰে।

উক্ত ধৃত ডকাইত কেইজন হ’ল ক্ৰমে শ্ৰীধৰ মণ্ডল (৩২), আব্দুল মটিন (৩০), আবু তাহেৰ (২৮), জাহিদুল আলী (২৬), মহিবুল ইছলাম (২১), ৰকিবুল ইছলাম (২২), মাজাম্মেল হক (৩৬) আৰু ছাড্ডাম হুছেইন।

আৰক্ষীয়ে ধৃত ডকাইত কেইটাৰ পৰা ডকাইতি কাৰ্যত ব্যৱহৃত অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰে। আনহাতে আৰক্ষীয়ে ধৃত দুৰ্ধৰ্ষ ডকাইত কেইজনক পাটশালা আৰু পাটচাৰকুচি আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেওঁলোকক গাড়ী চোৰ বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ জেৰাত তেওঁলোকৰ পৰা এই সন্দৰ্ভত আৰু অধিক তথ্য উদ্ধাৰৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ধৃত শ্ৰীধৰ মণ্ডলৰ বিৰুদ্ধে পূৰ্বৰে পৰা আৰক্ষী থানাত বিভিন্ন ধৰণৰ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে।