ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ টাইম্‌ছ অব্‌ ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ বঁটা

maxresdefault

টাইমছ অব্ ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ চিকিসকৰ বঁটা লাভ কৰা পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়া। ফাইল ফটো : ইন্টাৰনেট

বিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ ‘টাইম্‌ছ অব্‌ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ সন্মান আগবঢ়োৱা হৈছে।

হায়দৰাবাদৰ  হোটেল ‘নভ’টেল’ৰ প্ৰেক্ষাগৃহত  সংবাদ গোষ্ঠীটোৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ডাঃ চহৰীয়াক বৃক্ক সংৰোপণৰ ক্ষেত্ৰখনত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ স্বীকৃতি স্বৰূপে ‘দ্য লিজেণ্ড অব্‌ দ্য ইয়েৰ ২০১৮ ইন ৰেনেল ট্ৰান্সপ্লেণ্টেশ্যন’ উপাধিৰে বিভূষিত কৰা হয়।

উক্ত খবৰটো পলমকৈ পোৱা বাবে আৰু ডাঃ চহৰীয়া অসম ভ্ৰমণত থকাৰ বাবে বটাঁ প্ৰদান অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। তেওঁৰ অনুপস্থিতিত টাইম্‌ছ অব্‌ ইণ্ডিয়াৰ পৰিচালন কৰ্তৃপক্ষৰ পৰা তেওঁৰ কন্যাই বঁটাটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

‘টাইম্‌ছ হেল্‌থকেয়াৰ এচ্ছিভাৰ্ছ এৱাৰ্ড’ নামেৰে পাঁচ বছৰ পূৰ্বে আৰম্ভ কৰা দেশৰ খ্যাতনামা আৰু বিশ্বৰ অন্যতম পুৰণি সংবাদ গোষ্ঠীৰ এনে বিৰল স্বীকৃতিত বিশিষ্ট শল্য চিকিৎসকগৰাকীয়ে নিজৰ সন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰে।

১৯৪৫ চনত মঙলদৈৰ টেঙাবাৰীত জন্ম গ্ৰহণ কৰা ডাঃ চহৰীয়াই ১৯৭৫ চনত ভাৰতত সফলভাৱে সম্পন্ন প্ৰথমটো বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰত অংশ লোৱাৰ পিছত ১৯৮১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে আৰু এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, ওড়িষাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৩৫০০তকৈ অধিক বৃক্ক সংৰোপণ সম্পন্ন কৰিছে।