NORTHEAST NOW (Assamese)

ডিগবৈত মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজনৰ

May 21, 2018 5:42 pm · লক্ষ্মণ শৰ্মা
Updated: May 21, 2018 5:55 pm
প্ৰতিনিধিত্বমূসক ছবি

তিনিচুকীয়াৰ জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে পাৱৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ ভাগত দুই বিপৰীত দিশৰ পৰা আহি থকা মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত বাইক আৰোহী গৰাকীক ডিগবৈৰ ত্ৰিবেনিটা বৰগোঁহাই বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাটোত আহত হোৱা আনগৰাকী বাইক আৰোহীক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

আহত লোকগৰাকীক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News