ডিগবৈৰ অসম অইল ডিভিজনত অঘটন : দেৱাল উঠাব খোজোতে থিতাতে এজন নিহত

আজি অলপ আগতে সংঘটিত হোৱা এটা কৰুণ দুৰ্ঘটনাত ডিগবৈত অসম অইল ডিভিজনৰ এজন ঠিকাভিত্তিক শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন তিনিজন গুৰুতৰভাৱে আহত হয়। ঘটনাটো ঘটে ডিগবৈ শোধনাগাৰৰ অসম অইল ডিভিজনৰ নিউ টেংক ফাৰ্মৰ চৌহদত। ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম ধনঞ্জয় বৰুৱা (২৭) আৰু তেওঁৰ ঘৰ ডিগবৈ আৰক্ষী থানাৰ অধীনৰ মামৰনি গাঁৱত বুলি জনা গৈছে। আহত হোৱা তিনিজন হ’ল বগাপানীৰ উপেন ওৰাং ওপৰ মামৰনিৰ অভিজিৎ মৰাণ আৰু মনজিৎ বৰুৱা। মৃত ধনঞ্জয়ৰ সৈতে একেলগে কাম কৰি থকা আৰু নিজ চকুৰে ঘটনাটো দেখি থকা সৰ্বেশ্বৰ মৰাণে দিয়া বিৱৰণি মতে ৯জন ঠিকাভিত্তিক শ্ৰমিকে ৫০ মিটাৰ দীঘল আৰু ১০ ইঞ্চি ডাঠ এখন সুৰক্ষামূলক ৱাল থিয় কৰাবলৈ চেষ্টা কৰিছিল। সেই চেষ্টাৰ মাজতে হঠাতে ওপৰৰ পৰা প্ৰকাণ্ড ভগা টুকুৰা এটা খহি পৰে আৰু লগে লগে ধনঞ্জয়ৰ মৃত্যু হয়। লগতে আন তিনিজন আহত হয়। ধনঞ্জয় বৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আহতকেইজনক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ উপৰি কেইবাটাও শ্ৰমিক সংঘৰ সদস্যই তথা বিষয়ববীয়া অসম অইল ডিভিজনৰ চিকিৎসালয়লৈ যায়। তেওঁলোকে মৃত ধনঞ্জয় বৰুৱাৰ পৰিয়ালক ১ কোটি টকাৰ সাহায্য দিবৰ বাবে দাবী উত্থাপন কৰিছে। লগতে আহতসকলক ৫০ লাখকৈ টকা দিবৰ বাবেও দাবী জনাইছে। প্ৰতিবাদকাৰীসকলে এই ক্ষেত্ৰত অসম অইল ডিভিজনৰ কৰ্তৃপক্ষৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰি কয়, তেওঁলোকে অন্যথা অসম অইল ডিভিজনৰ প্ৰশাসনিক দ্বাৰৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ল’ব।