NORTHEAST NOW (Assamese)

ডিগবৈ মহাবিদ্যালয়ত জৈৱ-বৈচিত্ৰ্য আৰু গোলকীয় স্বাস্থ্য সম্পৰ্কীয় হ্ৰস্বকালীন পাঠ্যক্ৰম

December 19, 2017 4:10 pm · অভিক চক্ৰবৰ্তী

যোৱা ১৭ আৰু ১৮ ডিচেম্বৰত ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা ‘আৰণ্যক’ আৰু ডিগবৈ বন সংমণ্ডলৰ সহযোগত জৈৱ-বৈচিত্ৰ্য তথা বন্যপ্ৰাণী সংৰক্ষণ আৰু লগতে গোলকীয় স্বাস্থ্য বিষয়ক এক দুদিনীয়া বৃত্তিমুখী পাঠ্যক্ৰম প্ৰদান কৰা হয়। মূল প্ৰগ্ৰামটো আমেৰিকাৰ য়ুনিভাৰ্ছিটি অব ৱাশ্বিংটনৰ অধ্যাপক ড০ ৰনডল চি কেইজৰ দ্বাৰা পৰিচালিত হয়। ড০ ৰনডল চেণ্টাৰ ফৰ গ্ল’বেল ফিল্ড ষ্টাডিৰ অধ্যক্ষ হোৱাৰ লগতে গোলকীয় স্বাস্থ্য, এনথ্ৰ’প’ল’জিৰ সহযোগী অধ্যাপক। পাঠ্যক্ৰমটোৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপৰ ৰাজীৱ ৰুদ্ৰ টাইৰাঙে। উক্ত পাঠ্যক্ৰমত ৬ টা বেলেগ বেলেগ শিক্ষা প্ৰতিষ্ঠানৰ পৰা মুঠ ২৯ জনে যোগদান কৰিছিল। সেইবোৰৰ ভিতৰত ডিগবৈ মহাবিদ্যালয়ৰ লগতে ডিব্ৰুগড় চিটি কলেজ, ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ টেগ বাহাদুৰ স্কুল আদিৰ পৰাও ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছিল। দুদিনীয়া প্ৰগ্ৰামটোত মুঠ সাতটা কাৰিকৰী কালাংশ সম্পন্ন কৰা হয়। এই কালাংশবোৰত মানৱ-পৰিৱেশ-মাধ্যম, জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অহা ভাবুকি, গোলকীয় স্বাস্থ্যৰ প্ৰতি অহা ভাবুকি, শগুন সংৰক্ষণ, লাইন ট্ৰেনজেক্ট ছেম্পলিং, ক্ষেত্ৰ অধ্যয়নৰ কৌশল আৰু অনুশীলন, প্ৰাইমেটৰ শ্ৰেণী বিভাজন আৰু আচৰণ আদি বিষয় সামৰি লোৱা হয়। প্ৰথম দিনাৰ কাৰ্য্যসূচীত প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অপৰাজিতা গগৈ, সহযোগী অধ্যাপক শৈবাল দেৱ, আৰণ্যকৰ সমন্বয়ক শৈলেন্দ্ৰ মোহন দাসেও অংশ গ্ৰহণ কৰিছিল। আন এজন সমল ব্যক্তি নাহৰকটীয়াৰ মৃদুপৱন ফুকনেও শগুন সংৰক্ষণৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। দ্বিতীয় দিনা দিহিং-পাতকাইৰ বন্যপ্ৰাণী অভয়াৰণ্যত কৰা ক্ষেত্ৰ অধ্যয়নৰ সময়ত প্ৰেক্টিকেল কালাংশত ড০ কেইজ, ডিগবৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক কে এন টিমচিনা, আৰণ্যকৰ সুমন বৰ্মন আৰু ৰাজীৱ ৰুদ্ৰ টাইৰাঙে দলটোক নেতৃত্ব দিয়ে। সামৰণি অনুষ্ঠানটো চৰাইপুঙৰ ইণ্টাৰপ্ৰিটেইশ্যন কেন্দ্ৰত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ দীপ শইকীয়া, কে এন টিমছিনা, ৰাজীৱ ৰুদ্ৰ টাইৰেং, ডিগবৈ বন সংমণ্ডলৰ মৃকাংক বৰা আৰু স্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানত আমেৰিকাৰ অধ্যাপক ৰনডলে তেওঁৰ চমু ভাষণত ডিগবৈ মহাবিদ্যালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু প্ৰগ্ৰামটোক সফল বুলি অভিহিত কৰে।

Related News