NORTHEAST NOW (Assamese)

ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবী বৰাক উপত্যকাৰ সমাজকৰ্মীৰ

June 30, 2018 11:58 am · এন ই নাও নিউজ
Updated: June 30, 2018 11:59 am

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীৰ বেনাৰত (North-East Linguistic and Ethnic Co-ordination Committee) অসমৰ বৰাক উপত্যকাৰ সমাজকৰ্মীসকলে অসমত থকা ডিটেনশ্যন কেম্পসমূহ বন্ধ কৰাৰ আহ্বান জনাইছে। এই ডিটেনশ্যন কেম্পসমূহত অবৈধ নাগৰিক হিচাপে চিহ্নিত হোৱা লোকসকলক ৰখা হয়।

তেওঁলোকে কয় যে প্ৰধান মন্ত্ৰীয়ে ২০১৪চনত অসম ভ্ৰমণ কালত বৰাকলৈ আহোতে ডিটেনশ্যন কেম্পসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীয়ে অসমৰ বাবে অশনি সংকেট কঢ়িয়াই আনিব পৰা বিতৰ্কিত নাগৰিত্ব বিধেয়ক,২০১৬লৈকে সমৰ্থন আগবঢ়াইছে।

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীৰ আহ্বায়ক বিবেক পোদ্দাৰে নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত প্ৰকাশ কৰিছে যে এই কেম্পসমূহত আৱদ্ধ লোকসকল যাৰ ভিতৰত অত্যন্ত বৃদ্ধ বয়সৰ লোকো আছে। এই কেম্পত থকা লোকসকলে অত্যন্ত শোচনীয় পৰিৱেশত বাস কৰি আছে। তেওঁলোকক পৰ্যাপ্ত মানৱীয় সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি সমাজকৰ্মীসকলে প্ৰকাশ কৰিছে। লগতে তেওঁলোকে কৈছে যে ২০১৪ত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেম্পসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

শুব্ৰাংশু ভট্টাচাৰ্য নামৰ এগৰাকী সমাজকৰ্মীয়ে কৈছে যে অসমত ৬টা ডিটেনশ্যন কেম্প আছে। এই কেম্পত এগৰাকী ১০২ বছৰীয়া বৃদ্ধ আছে আৰু তেওঁৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ গৈ আছে। কিছুমান লোক এই কেম্পত বিগত ৩বছৰৰ পৰা আছে বুলি তেওঁ কয়। সমাজকৰ্মীসকলে কৈছে যে এই ডিটেনশ্যন কেম্পত থকা লোকসকলৰ সমস্যাৰ কথা তেওঁলোকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো অৱগত কৰিছে।

Related News