ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অলপতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ এক অনুষ্ঠানত ভেঞ্চাৰ শিক্ষানুষ্ঠান সম্পৰ্কে কৰা কটু মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।
এক প্ৰেছ বিবৃতিত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ কয়— শিক্ষা মন্ত্ৰী গৰাকীয়ে জনা উচিত যে অসমত শিক্ষানুষ্ঠানৰ সংখ্যা কম হোৱাৰ বাবে ৰাইজে প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ৰাইজৰ গাঁঠিৰ ধন ভাঙি, মাটি দান দি শিক্ষানুষ্ঠান স্থাপন কৰাৰ লগতে উপয়ুক্ত, অৰ্হতাসম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান চলাই আছে।
আনহাতে চৰকাৰেও বিভাগীয়ভাৱে পৰ্যৱেক্ষণ কৰি সকলো চৰ্ত পূৰণ কৰা শিক্ষানুষ্ঠানসমূহক চৰকাৰী স্বীকৃতি প্ৰদান কৰিছে। চৰকাৰী স্বীকৃতি পোৱাৰ পাছতো প্ৰাদেশিকীকৰণ নোহোৱাটো অতি দুৰ্ভাগ্যজনক। বছৰ বছৰ ধৰি বিনা বেতনত ৰাজ্যখনৰ শিক্ষাৰ ৪০ শতাংশ ভাৰ গ্ৰহণ কৰা ভেঞ্চাৰ শিক্ষকসকলক ইতিকিং কৰাটো সমীচীন হোৱা নাই।
বৰ্তমানলৈকে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰি অসমৰ পৰা ভেঞ্চাৰ শব্দক চিৰদিনৰ বাবে বিদায় দিয়ক বুলি কৈ ঐক্যমঞ্চই অসমৰ ৰাইজক ভুল পথেৰে পৰিচালনা কৰাৰ কৌশল বাদ দি সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যক।
শিক্ষা মন্ত্ৰীৰ কটু মন্তব্য আৰু প্ৰাদেশিকীকৰণৰ বাবে ভৱিষ্যৎ কাৰ্যপন্থা গ্ৰহণৰ কাৰণে অহা ৪ জুলাইত গুৱাহাটীৰ বেলতলাত ঐক্যমঞ্চৰ এখন বিশেষ সভা আহ্বান কৰা বুলি বিবৃতিযোগে জানিবলৈ দিয়ে ঐক্যমঞ্চৰ সভাপতি- সম্পাদকে।এই সভাত সকলোৰে সহায়- সহযোগিতা কামনা কৰিছে ঐক্যমঞ্চই।