ডিফু কাৰাগাৰত কয়দীয়ে ধৰ্ষণ কৰিলে ৱাৰ্ডাৰৰ পত্নীক

2544

কাৰাগাৰৰ কয়দীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী ৱাৰ্ডাৰৰ পত্নীক কাৰাগাৰৰ আৱাসত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ডিফুত। কাৰাগাৰ চৌহদত আৰক্ষীৰ পৰিয়ালৰ লোকেই সুৰক্ষিত নোহোৱা এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাৰ্বি আংলং জিলাৰ ডিফু জিলা কাৰাগাৰৰ চৌহদত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে যাবজ্জীৱন কাৰাদণ্ডৰে কাৰাবাস খাটি থকা এজন কয়দীয়ে।

ডিফুৰ জিলা কাৰগাৰৰ চৌহদৰ আবাসত জেলৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসমূহৰ পৰিয়ালো থাকে ৷ যোৱা ২৪ এপ্ৰিলত এগৰাকী ৱাৰ্ডাৰৰ পত্নী আবাসত অকলে থকাৰ সময়ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীজনে ধৰ্ষণ কৰে৷

ডিফু সদৰ থানাত ৱাৰ্ডাৰ আৰু তেওঁৰ পত্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২৪ এপ্ৰিলত ডিফু কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কয়দীয়ে ঘৰত কোনো নথকাৰ সুযোগলৈ আবাসত প্ৰৱেশ কৰে ৷ আবাসত প্ৰৱেশ কৰি সুৰক্ষা কৰ্মীজনৰ পত্নীক চোকা অস্ত্ৰৰে দেহত লগাই ভাবুকি প্ৰদান কৰি স্নানাগাৰলৈ নি ধৰ্ষণ কৰে৷

তেওঁলোকে কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰি কোনো সঁহাৰি নোপোৱাত শনিবাৰে এজাহাৰ দাখিল কৰে। ৱাৰ্ডাৰৰ পত্নীৰ ডিঙিত কয়দীজনে লগাই দিয়া অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ধৰ্ষিতা মহিলাগৰাকীয়ে কয়েদীজনক দেখিলে চিনি পাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

এজাহাৰ লাভ কৰাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়া আৰু ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ডিফু কাৰাগাৰলৈ গৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ফিৰোজ ৰাজপুত নামৰ(৩৫) বছৰীয়া কয়দী জন অইন এখন জিলাৰ পৰা হত্যাৰ গোচৰত স্থানান্তৰ হৈ যাৱজ্জীৱন কয়দী হিচাপে ডিফু কাৰাগাৰত কাৰাবাস খাটি আছে।

উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ বাতৰিয়ে কাৰ্বি পাহাৰ উত্তাল কৰি ৰাখিছে। বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত  লাংবুংঘাট নিবাসী তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী জেনিছা ইংতিপিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ডিফু চহৰত বিগত কেইবাদিন ধৰি উত্তেজনা অব্যাহত আছে।