NORTHEAST NOW (Assamese)

ডিব্রুগড়ৰ চি কে শৰ্মা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অইল ইণ্ডিয়া বনাম অসম পুলিচ ব্লুজ

June 13, 2018 8:42 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিদিঙী খেলপথাৰত চলি থকা ত্ৰয়োদশ চি কে শৰ্মা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাব।

মঙলবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত অইল ইণ্ডিয়া ফুটবল ক্লাবে মুদৈ যুৱ ক্ৰীড়া মঞ্চক হেলাৰঙে ৩-০ গ’লত পৰাস্ত কৰি সন্মানীয় প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। মেচৰ আৰম্ভণিৰে পৰা চৌকিদিঙীৰ সেউজ দলিচাত অইল ইণ্ডিয়াৰ খেলুৱৈৰ দুভৰিৰ যাদুৱে থান-বান কৰি তোলে অনভিজ্ঞ মুদৈ যুৱ ক্ৰীড়া মঞ্চক।

উল্লেখ্য যে খেলৰ নৱম মিনিটত মেণ্ডেল ৰংমেইৰ গ’লেৰে অইল ইণ্ডিয়াই প্ৰথম অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত ৩৯ মিনিটত দলৰ হৈ দ্বিতীয়টো গ’ল কৰে মানস মনজিৎ চেতিয়াই। ২-০ ৰ অগ্ৰগতি লৈও ক্ষান্ত নথকা অইল ইণ্ডিয়াৰ খেলুৱৈয়ে বিপক্ষৰ শিবিৰত বাৰে বাৰে আগাত হনাৰ চেষ্টা চলাই থাকোতে খেলৰ অন্তিম সময়ত ফৈদান বৰগয়াৰীয়ে কৰা গ’লেৰে সহজ বিজয় নিশ্চিত কৰে অইলে।

এতিযা প্ৰতিযোগিতাৰ ফাইনেলত দর্শকে দেকিবলৈ পাব অসম ফুটবলৰ দুই শক্তিশালী দল ক্ৰমে প্ৰাক্তন চেম্পিয়ন অসম পুলিচ ব্লুজ আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাবৰ নান্দনিক খেল।

ইফালে মঙলবাৰে অনুষ্ঠিত হৈ যোৱা ছেমি ফাইনেল মেচখন পৰিচালনা  কৰে অসীম হাজৰিকা, জীৱন গগৈ, প্ৰশান্ত বৰুৱা আৰু ইন্দ্ৰজিৎ চেতিয়াই।

Related News