অসম প্ৰদেশ কংগ্ৰেছত চলি থকা অভ্যন্তৰীণ সংঘাতে অধিক গুৰুতৰ হোৱাৰ দিশত গতি কৰা দেখা গৈছে। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল, দুলু আহমেদ, নিলম্বিত নেতা অনিল ৰাজাৰ সংঘাতৰ সমান্তৰালকৈ যুৱ কংগ্ৰেছৰ স্তৰতো দলৰ সংঘাতে ক্ৰমে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ উমান পোৱা গৈছে।
১০ জুনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সম্পাদক পাৰ্থপ্ৰতিম বৰাক দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰাৰ পিছত ১২ জুনত শোণিতপুৰ জিলা এন এছ য়ু আইৰ ৭জনকৈ সদস্যক পুনৰ একে অভিযোগত নিলম্বন কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ৯ জুনত শোণিতপুৰ জিলা এন এছ য়ু আইৰ উদ্যোগত জিলাখনৰ পৰা অলপতে ফল ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ এটা কাৰ্য্যসূচী লোৱা হৈছিল। জিলা পুথিভঁৰালত আয়োজন কৰিবলৈ লোৱা এই সম্বৰ্ধনা কাৰ্য্যসূচীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পৰিৱৰ্তে মতা হৈছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক। ইয়াতে ক্ষুব্ধ হৈ ৰিপুণ বৰাই এই কাৰ্য্যসূচীটো শেষ মুহূৰ্তত কৌশলেৰে বন্ধ কৰিছিল। কিন্তু সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১২০০ ছাত্ৰ-ছাত্ৰী অধোবদনে ঘূৰি যাব লগীয়া হোৱাত আয়োজক এন এছ য়ু আই সকলৰ আত্মসন্মানত লাগে। ফলত আয়োজকসকলৰ এজন তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পাৰ্থপ্ৰতিম বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কটাক্ষ কৰি মন্তব্য কৰিছিল।
ইয়াৰ ফলতে তেওঁ দলৰ পৰা নিলম্বিত হ’ব লগীয়া হৈছিল। আনহাতে দলৰ ৰাজ্যিক নেতৃত্বৰ এনে আক্ৰোশমূলক আচৰণত ক্ষুব্ধ হৈ ১১ জুনত শোণিতপুৰ জিলা এন এছ য়ু আইৰ কেইজনমান সদস্যই সভাপতি ৰিপুণ বৰাৰ প্ৰতিকৃতি দাহ কৰিছিল।
তাৰ পাছতে এই প্ৰতিকৃতি দাহত জড়িত থকাৰ অভিযোগত ৰাজ্যিক এন এছ য়ু আই প্ৰাক্তন উপ-সভাপতি আৰমান শ্বাহ, শোণিতপুৰ জিলা এন এছ য়ু আইৰ সম্পাদক ভোলানাথ দাস, শোণিতপুৰ জিলা এন এছ য়ু আই ছ’চিয়েল মিডিয়াৰ সম্পাদক নীহাৰ শইকীয়া, তেজপুৰ মহাবিদ্যালয়ৰ এন এছ য়ু আই গোটৰ সভাপতি সুভম শেখৰ সাহা, ৰঙাপৰা যুৱ কংগ্ৰেছৰ সদস্য ৰমেন দাস, তুষাৰ দীক্ষিত আৰু জিলা এন এছ য়ু আইৰ সদস্য অংকুৰ ভূঞাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হয়।
এই নিলম্বনৰ কথা ১২ জুনত এখন সংবাদমেল দি জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কাৰ্কিক কুৰ্মী আৰু শোণিতপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ কলিতাই।
দলৰ অভ্যন্তৰীণ এই সংঘাতৰ আচল কাৰণ ক্ষমতাৰ বাবে চলা যুঁজ বুলি দলৰ গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে। দলত ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰ স্পষ্ট ফৈদ সৃষ্টি হোৱাৰ ইংগিত পোৱা গৈছে বুলি সূত্ৰটোৱে কয়।