ডিব্ৰুগড়ত আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিব্ৰুগড়ত কৃষি-উদ্যান শস্য মলা উদ্বোধন কৰি ভাষণ দিয়াৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পঞ্চম অসম আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৃষক ৰাইজক আৰ্থিকভাৱে সবল কৰি তোলাটোৱে চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ চামক আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বিজ্ঞানসন্মতভাৱে কৃষি কাৰ্যত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষিকৰ্মত জড়িত সকলোকে চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয়,’’কৰ্ম সংস্কৃতিয়ে সমাজৰ মূল চালিকা শক্তি। কৃষক ৰাইজে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম সংস্কৃতিৰ মাজেদি কৃষি সংস্কৃতিক ৰূপ দিব লাগিব।‘’

পঞ্জাৱ,হাৰিয়ানা,গুজৰাট আদি ৰাজ্যই আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃষিখণ্ডত ব্যাপক উন্নয়ন সাধন কৰিছে। কৃষি উৎপাদন বৃদ্ধি কৰাৰ লগতে তেওঁলোকে নিজৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱেও সবল কৰি তুলিছে।

অসমতো কৃষকসকলে যাতে খেতিৰ সংখ্যা এটাৰ পৰা বৃদ্ধি কৰি বছৰত তিনিটা পৰ্যন্ত কৃষি কৰিব পাৰে আৰু কৃষকৰ আয় বৃদ্ধি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গাওঁ উন্নয়ন যোজনাৰ অধীনত ২৬,০০০ খন ৰাজহ গাওঁৰ প্ৰতিখনলৈ একোখন ট্ৰেক্টৰ আগবঢ়োৱা আঁচনি গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীকে সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় আৰু কৃষকসকলক আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাবলৈ কয়। মুখ্যমন্ত্ৰীয়ে লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবক দেশৰ এক জৈৱিক কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি উল্লেখ কৰি এই মেলাত অংশগ্ৰহণ কৰা বহিৰ্ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু কৃষক গোটসমূহে পৰিৱেশ পৰিৱৰ্তনে অনা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

উদ্বোধনী সভাত মুখ্যমন্ত্ৰীয়ে এখন জৈৱিক কৃষিপঞ্জী উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপ্ত পাঁচজন প্ৰগতিশীল খেতিয়কক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই পল্চম অসম কৃষি-উদ্যান শস্য মেলাৰ আয়োজনৰ উদ্দেশ্য সম্পৰ্কে বক্তৱ্য ৰাখি কয় যে ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে কৃষক, বজাৰ আৰু চৰকাৰৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।