NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ বিজেপি নেতা : ৰাতি চিকিৎসা মহাবিদ্যালয়ৰ মহিলা নিৰাপত্তাৰক্ষীক মাৰপিট

May 2, 2018 7:59 pm · অভিক চক্ৰবৰ্তী

অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা নিৰাপত্তাৰক্ষীক মঙলবাৰে মাৰপিট কৰাৰ অভিযোগত আজি ২ মে’ত বিজেপি ( BJP )ৰ চুদামা পান্দে নামৰ এজন ৱাৰ্ড আয়ুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বিজেপি নেতাজনৰ আক্ৰমণত মহিলা নিৰাপত্তাৰক্ষীগৰাকীয়ে মূৰত গুৰুতৰ আঘাত পাইছিল।

জানিব পৰা মতে চুদামাই যোৱা মঙলবাৰে ৰাতি ৮ বজাত চিকিৎসালয়খনৰ প্ৰসূতিৰোগ বিভাগৰ এগৰাকী ৰোগীক দেখা কৰিবলৈ যাওঁতে মহিলা নিৰাপত্তাৰক্ষীগৰাকীয়ে তেওঁক বিভাগত প্ৰৱেশত বাধা দিয়ে। নিৰাপত্তাৰক্ষীগৰাকীৰ লগত কাজিয়া কৰি বিজেপি নেতাজনে এদাল লাঠীৰে আক্ৰমণ কৰে।

এই সন্দৰ্ভত বৰবাৰী আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছিল।

চুদামা ডিব্ৰুগড়ৰ ২২ নং ৱাৰ্ডৰ বিজেপি কমিছনাৰ।

Related News