ডিমা হাচাওৰ মাইবাঙত ২৫ জানুৱাৰিত প্ৰতিবাদকাৰীৰ ওপৰত ৰাষ্ট্ৰৰ পুলিচ বাহিনীয়ে চলোৱা গুলীবৰ্ষণৰ প্ৰতিবাদত আজি গুৱাহাটী নাগৰিক সমাজে হাতত মমবাতি লৈ এক প্ৰতিবাদী সমদল উলিয়াই।
গুৱাহাটী ক্লাবৰ সমীপৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, অধ্যাপক দীনেশ বৈশ্য, অসম চৰকাৰৰ প্ৰক্তন আয়ুক্ত বলোভদ্ৰ হাগজাৰীৰ লগতে ডিমাছা ছাত্ৰ সন্থাৰ বহুকেইজন নেতৃবৃন্দ উপস্থিত থাকে।
উদয়াদিত্য ভড়ালীয়ে কয় যে নাগালিম চুক্তিক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে সাধাৰণ মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে। চৰকাৰৰ স্বৈৰাচাৰমূলক শাসনৰ বাবেই ডিমা হাচাওত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ’ল।যিজন আৰক্ষীৰ গুলীত দুজনকৈ নিৰীহ যুৱকে প্ৰাণ আহুতি দিবলগীয়া হ’ল সেই আৰক্ষীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ তেওঁ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লোৱা ৫ শতাধিক লোকৰ সমৰ্থন ডিমাহাচাও অঞ্চলৰ নীপিড়িত ৰাইজলৈ আগবঢ়াইছো বুলি তেওঁ বক্তৃতা প্ৰসংগত উল্লেখ কৰে।
এই কাৰ্য্যসূচীত ডিমাচা সমাজৰ ফালৰ পৰা উপস্থিত থকা এ বি বাথাৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি অসমৰ লগত থাকিব বিচৰা কাৰণে তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ল নেকি বুলি অসম চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপুৰন প্ৰদান কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।
এই কাৰ্য্যসূচীত উপস্থিত থকা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে ক্ষোভ প্ৰকাশ কৰি উল্লেখ কৰে যে ডিমা হাচাওৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা আৰক্ষীৰ এনে কাণ্ডই সামপ্ৰতিক সময়ত অসমৰ জনসাধাৰণক পূৰ্বৰ তুলনাত অধিক শংকিত কৰি তুলিছে। আনহাতে বিজেপি চৰকাৰে নগা চুক্তিৰ বিষয়ে চলোৱা প্ৰচাৰক ভূৱা বুলি কোৱা প্ৰসংগক তেওঁ পোনচাটেই মিছা বুলি উল্লেখ কৰে। তেওঁ কয় যে কেৱল অসমেই নহয়, অৰুণাচল আৰু মণিপুৰৰ বৃহত্তৰ অঞ্চল নাগালেণ্ডক গতাই দিয়াৰ এয়া বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ।
প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা সদ্য অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই অসমৰ খিলঞ্জীয়াৰ ওপৰত চলোৱা অত্যাচাৰ ভৱিষ্যত সময়ত সহ্য কৰা নহ’ব বুলি চৰকাৰক সকীয়নী প্ৰদান কৰে।
উঁকি, গুৱাহাটী লিটাৰেৰী ফেক্টৰি আৰু স্বৰাজ অসমৰ দ্বাৰা আয়োজিত প্ৰতিবাদী সমদলত প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰে।