ৰাজহুৱা স্মৃতি ক্ষন্তেকীয়া। অসমীয়া মানুহৰ আৰু ক্ষন্তেকীয়া। অভিজ্ঞতাই এই কথা সত্য প্ৰমাণিত কৰিছে। কোনো এটা বিষয় ৰাজহুৱা কথা-বতৰাৰ মাজলৈ আহিলে অথবা কোনো এটা বিষয়ে অসমৰ মানুহক উত্তেজিত কৰিলেও, সি বহুদূৰ স্থায়ী নহয়। ধানখেৰৰ জুইৰ দৰে ভমককৈ জ্বলি শেষ হয় অসমৰ মানুহৰ খং-ক্ষোভ। বিষয় এটাক তাৰ স্বাভাৱিক পৰিণতিৰ ফালে লৈ যোৱাৰ চেষ্টা আমাৰ দল-সংগঠনেও নকৰে। এনে এটা ঘটনা হ’ল যোৱা ২৫ ফেব্ৰুৱাৰিত ডিমা-হাচাও জিলাৰ মাইবাঙত হোৱা গুলীবৰ্ষণৰ ঘটনাটো।
মাইবঙত উক্ত গুলীবৰ্ষণৰ ঘটনা বোধহয় আমাৰ স্মৃতিৰ পৰা আঁতৰি যোৱা নাই। ‘নাগা চুক্তি’ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সন্দেহ, শংকাই ডিমা-হাচাওবাসীক ৰাজপথলৈ আহিবলৈ বাধ্য কৰিছিল। মাইবাঙৰ ৰে’ল ষ্টে’চনত সমবেত হৈছিল বহু হাজাৰ লোক। ৰে’ল অৱৰোধৰ আগদিনাই মহকুমা কৰ্তৃপক্ষক কাৰ্যসূচীৰ বিষয়ে জনাইছিল আন্দোলনৰ নেতৃত্বই।
অৱৰোধ কাৰ্যসূচীও চলি আছিল শান্তিপূৰ্ণভাৱে। এটা সময়ত মহকুমাধিপতি আহিল, অৱৰোধকাৰীৰ লগত বহিল আৰু সিদ্ধান্ত হ’ল সন্ধিয়া পাঁচ বজাপৰ্যন্ত অৱৰোধ কাৰ্যসূচী চলাই ৰাইজ ৰে’ল পথৰ পৰা আঁতৰি যাব। তেতিয়া দিনৰ প্ৰায় এঘাৰ বাজিছিল।
মহকুমাধিপতিৰ লগত কথা হোৱাৰ ঠিক কিছুসময়ৰ পাছতে মাইবাং ৰে’ল ষ্টে’চনত উপস্থিত হয় ডিমা-হাচাওৰ উপায়ুক্ত। উপায়ুক্ত ষ্টে’চনলৈ সোমাই যাওঁতেই তেওঁৰ দেহৰক্ষীয়ে নিৰ্মমভাৱে মাৰধৰ কৰিছিল সন্মুখতে পোৱা কেইজনমান অৱৰোধকাৰীক। ঠিক তেতিয়াই উত্তেজনাৰ সূত্ৰপাত ঘটিছিল। তাৰ ঠিক কিছু সময়ৰ পাছতেই উপায়ুক্তই সেই ঠাই পৰিত্যাগ কৰে। কিন্তু তেওঁ মাহুৰৰ ৰে’লৱে ষ্টে’চন পৰিত্যাগ কৰাৰ ঠিক পাছতেই আৰম্ভ হয় নিৰ্বিচাৰ গুলীচালনা।
তিনি-চাৰিফুট দূৰত্বৰ পৰা প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ কৰে আৰক্ষীয়ে। গুলীবৰ্ষণৰ লগে লগে মানুহে ছত্ৰভংগ দিবলৈ আৰম্ভ কৰে যদিও আৰক্ষীয়ে গুলীবৰ্ষণ কৰিয়েই থাকে। গুলীবৰ্ষণ কৰি থকাৰ মুহূৰ্তৰ ভিডিঅ’ ডিমা-হাচাওবাসীৰ হাতত আছে।
চৰজমিন তদন্ত কৰাৰ উদ্দেশ্যে ভুক্তভোগী মানুহক লগ কৰোঁতে তেওঁলোকে উল্লেখ কৰিছিল কিদৰে কোনো ধৰণৰ ঘোষণা নিদিয়াকৈ অথবা লাঠীচাৰ্জো নকৰাকৈ আৰক্ষীয়ে চিধাই গুলীবৰ্ষণ কৰিছিল আৰু যাৰ ফলত তিনিজনকৈ প্ৰতিবাদকাৰীৰ মৃত্যু ঘটিছিল। কিদৰে আৰক্ষীৰ ভৰিত ধৰি গুলীওৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা মহিলাক গচকিছিল আৰক্ষীয়ে।
সময়ে সময়ে এনে পৰিস্থিতিৰ সৃষ্টি হয় য’ত গুলীবৰ্ষণৰ বাদে আৰক্ষীৰ অন্য কোনো বিকল্প নাথাকে। মাইবাঙত ২৫ ফেব্ৰুৱাৰিত তেনে পৰিস্থিতিৰ সৃষ্টি হৈছিলনে? গুলীবৰ্ষণ হ’ল আৰক্ষীৰ বাবে শেষ অস্ত্ৰ। তাৰ পূৰ্বে সমাৱেশক কাৰ্যবাহী দণ্ডাধীশে ‘অবৈধ’ ঘোষণা কৰিব লাগিব; ছত্ৰভংগ দিয়াৰ সুযোগ দিব লাগিব; লাঠীচাৰ্জ, কন্দুৱা গেছ, ৰাবাৰ বুলেট আদিৰ প্ৰয়োগ কৰিব লাগিব। তাৰ পাছতো যদি সমবেত প্ৰতিবাদকাৰী আঁতৰি নগৈ হিংসাত্মক ৰূপ লয়, তেনে ক্ষেত্ৰতহে গুলীবৰ্ষণৰ প্ৰশ্ন আহিব পাৰে। কিন্তু ডিমা-হাচাওত আৰক্ষীয়ে সেই সকলো বিকল্পক বাদ দি পোনচাটেই গুলীবৰ্ষণৰ আশ্ৰয় ল’লে। উক্ত দিনাৰ ঘটনাত এজনো আৰক্ষীৰ লোক সামান্যৰূপেও আহত নোহোৱা কথাটোৱেই জনতা যে সেইদিনা হিংসুক নাছিল তাৰ প্ৰমাণ দাঙি ধৰে।
সেইদিনা আৰক্ষীৰ গুলীচালনা আছিল অপ্ৰৰোচিত তথা সম্পূৰ্ণভাৱে অসমানুপাতিক (disproportionate)।
চৰকাৰে মৃতকক ক্ষতিপূৰণ দি আৰু কেৱল তদন্ত ঘোষণা কৰিয়েই দায়িত্ব সাৰিলে। তদন্তৰ ফল কি হ’ল আমি কোনেও গম নাপালো অথবা জানিবৰ চেষ্টাও নকৰিলোঁ।
অতিৰিক্ত মুখ্য সচিব তদন্ত কৰিবলৈ গ’ল। য’ত ঘটনাৰ সাক্ষী বহুতেই জোৰ কৰি নিজৰ বক্তব্য ৰাখিবলগীয়া হ’ল। তাৰ পাছতো দোষী বিষয়াৰ শাস্তি নহ’ল। কাৰণ দোষীক শাস্তি দিয়াৰ ইচ্ছা চৰকাৰৰ নাছিল।
আৰক্ষীৰ গুলীচালনাৰ ফলত হোৱা যি কোনো ধৰণৰ ‘মৃত্যু’ৰ ক্ষেত্ৰত কৰ্তৃপক্ষই কি কৰিব লাগিব তাৰ সুস্পষ্ট নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে দিছে।
Peoples’ Union of Civil Liberties vs Union of India গোচৰত ২০১৫ চনত দিয়া এক ৰায়ত উচ্চতম ন্যায়ালয়ে পুলিচৰ গুলীত মৃত্যুবৰণ কৰা ঘটনা (encounter killing)ৰ ক্ষেত্ৰত ল’বলগীয়া ১৬টা পদক্ষেপৰ কথা উল্লেখ কৰিছে। উক্ত গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছিল– “Article 21 confers sacred and cherished right under the Constitution of India which cannot be violated, except according to procedure established by law.”
আনহাতে ৰাষ্ট্ৰসংঘই আইন-শৃংখলা প্ৰতিষ্ঠাত জড়িত বিষয়াসকলৰ বাবে প্ৰণয়ন কৰা আচাৰ বিধি (Code of Conduct)ত কৈছে যে আৰক্ষী বিষয়াই নিজৰ কৰ্তব্য পালন কৰোঁতে “মানৱীয় মৰ্যাদা” আৰু “মৌলিক মানৱ অধিকাৰ” ৰক্ষাৰ বাবে চেষ্টা কৰিব লাগে। তেওঁলোকৰ হাতত থকা ক্ষমতাই আৰক্ষী তথা প্ৰশাসনক মদগৰ্বী কৰি তোলাৰ সম্ভাৱনা থকাৰ বাবেই এনেবোৰ ব্যৱস্থা লোৱা হৈছিল।
২৫ ফেব্ৰুৱাৰিত ডিমা-হাচাওত এইবোৰ সম্পূৰ্ণৰূপে উলংঘা কৰা হ’ল।
ঘটনা ঘটাৰ আজি প্ৰায় চাৰিমাহ পাৰ হৈ গ’ল। মমবাতি লৈ, জোঁৰ লৈ প্ৰতিবাদ কৰা আমিবোৰে ঘটনাৰ গুৰুত্ব পাহৰিলো।
আমি প্ৰতিবাদ কৰিছিলো কাৰণ ডিমা-হাচাওবাসীয়ে অসমত থাকিব বিচাৰি ৰে’লপথ অৱৰোধ কাৰ্যসূচী লৈছিল। আৰক্ষী, প্ৰশাসনে সেইদিনা অসমানুপাতিক শক্তি প্ৰয়োগ কৰি মানৱ অধিকাৰ খৰ্ব কৰিছিল। সেই বিষয়টোৱে আমাৰ প্ৰতিবাদত যথাযোগ্য স্থান নাপালে।
সেইদিনাখন অসমৰ পৰা বিচ্ছিন্ন হ’ব খুজি ডিমা-হাচাওৰ মানুহে ৰে’ল অৱৰোধ কৰোঁতে আৰক্ষীৰ গুলীচালনাত মানুহ মৰিলে ভৈয়ামত সেই একেধৰণৰ প্ৰতিবাদ হ’লহেঁতেননে?
আমি আওকাণ কৰিছিলো আৰক্ষীৰ গুলীচালনাৰ এই দিশটোক যাৰ বাবে ঘটনাটো আমাৰ স্মৃতিৰপৰা হয়তো আঁতৰি গ’ল।
যোৱা সময়ছোৱাত এইটোৱেই একমাত্ৰ ঘটনা নহয় য’ত আৰক্ষীৰ গুলীত মানুহ মৰিছে। ২০১১ চনত গুৱাহাটীত মাটিৰ পট্টাৰ বাবে কৰা আন্দোলনত আৰক্ষীৰ গুলীত মানুহ মৰিছিল। ২০১১ চনত দৰং জিলাত আন্দোলনকাৰী কৃষকৰ ওপৰত গুলী চলিছিল। ২০১৬ চনত ৰহাত আৰক্ষীৰ গুলীত মানুহ মৰিছিল।
ভাৰতবৰ্ষৰ অন্য বহু স্থানতো trigger happy আৰক্ষীৰ গুলীত মানুহ মৰিছে। শেহতীয়া উদাহৰণ হ’ল তামিলনাডুৰ টুটিকৰণ।
এনে ধৰণৰ প্ৰতিটো ঘটনাৰ লগে লগে প্ৰতিবাদৰ জোৱাৰ উঠে আৰু এটা সময়ত এই জোৱাৰ শাম কাটে। তদন্ত ঘোষণা হয়, কিন্তু ফলাফল কোনেও গম নাপায়। তদন্তই তাৰ স্বাভাৱিক পৰিণতি নাপায়। ফলত কোনো ধৰণৰ দণ্ডৰ ভয় নোহোৱাকৈ এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিছে।
এনেধৰণৰ ঘটনাবোৰৰ আন এক দিশো উল্লেখনীয়। সেয়া হ’ল, আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰ মনত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি থকা বিদ্বেষ। ৰাষ্ট্ৰৰ অগণতান্ত্ৰিক, দমনমূলক চৰিত্ৰৰ প্ৰতিফলন ঘটে এওঁলোকৰ মাজেদি।
আজি কিছুদিন পূৰ্বে বাতৰি কাকতত পঢ়িছিলো কিদৰে অসম প্ৰশাসনিক সেৱাৰ নতুনকৈ নিযুক্তি পোৱা বিষয়াক উচ্ছেদৰ প্ৰশিক্ষণ দিয়া হয়। অৰ্থাৎ প্ৰশিক্ষণ দিয়া হয় মানৱীয় সমস্যাবোৰক অমানৱীয় দমনমূলক নীতিৰে মোকাবিলা কৰাৰ।
এয়া ৰাষ্ট্ৰৰ নতুন ৰূপ। এই নতুন ৰূপৰ ৰাষ্ট্ৰক বহুতে নাম দিছে নব্য উদাৰবাদী ৰাষ্ট্ৰ।
এই ৰাষ্ট্ৰৰ চৰিত্ৰ কেনে তাৰ বৰ্ণনা দিছে ডেভিড হাৰ্বেয়ে তেওঁৰ বহু পঠিত “নব্য উদাৰতাবাদৰ চমু ইতিহাস” গ্ৰন্থত “Neo-liberal state will resort to coercive legislation and policing practices (anti-picketing rules, for example) to disperse or repress collective forms of opposition to corporate power. Forms of surveillance and policing multiply; in the US, incarceration became a key state strategy to deal with problems arising among discarded workers and marginalized populations. The coercive arms of the state were augmented to protect corporate interest, and, if necessary to repress dissent” (পৃষ্ঠা ৭৭)। ( ভাবাৰ্থ: কৰ্পৰে’টৰ ক্ষমতাৰ প্ৰতি অহা সামূহিক বিৰোধক মোকাবিলা কৰাৰ বাবে নব্য উদাৰবাদী ৰাষ্ট্ৰই দমনমূলক আইন আৰু আৰক্ষীৰ সহায়ত নিয়ন্ত্ৰণৰ সহায় লয় (যেনে পিকেটিংবিৰোধী নিয়ম)। চোৰাংচোৱাগিৰি আৰু আৰক্ষীৰ সহায়ত দমন কেইবাগুণেও বৃদ্ধি পায়; আমেৰিকাত বঞ্চিত শ্ৰমিক আৰু মানুহৰ সমস্যাক কাৰাদণ্ডৰে মোকাবিলা কৰাটো এক কৌশলত পৰিণত হৈছে। ৰাষ্ট্ৰৰ দমনমূলক হাত শক্তিশালী কৰা হৈছে। ৰাষ্ট্ৰৰ দমনমূলক হাত শক্তিশালী কৰা হয় কৰ্পৰে’টৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ বাবে অথবা প্ৰয়োজন হ’লে বিৰুদ্ধ মতক দমন কৰাৰ বাবে। )
ৰাষ্ট্ৰ এনেকৈ ক্ৰমাৎ দমনমূলক হৈ উঠাৰো নিৰ্দিষ্ট কাৰণ আছে। যি আমাৰ আৰ্থ-ৰাজনৈতিক ব্যৱস্থাটোৰ লগত সম্পৰ্কিত।
ভাৰতবৰ্ষৰ দৰে এক সমস্যাবহুল দেশ আৰু অসমৰ দৰে সমস্যাজৰ্জৰ ৰাজ্যত আন্দোলন, প্ৰতিবাদ আদি স্বাভাৱিক প্ৰতিক্ৰিয়াৰ প্ৰকাশ। আমি ভাল পোৱা-নোপোৱাৰ ওপৰত সি নিৰ্ভৰ নকৰে।
একে সময়তে এই কথাও মনত ৰখা ভাল যে এনে আন্দোলন আৰু প্ৰতিবাদেই ভাৰতবৰ্ষত গণতন্ত্ৰকো জীয়াই ৰাখিছে। নহ’লে কোন কাহানিবাই গণতন্ত্ৰ ধ্বংস পালেহেঁতেন।
সত্তৰৰ দশকৰ জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটাবলৈ ইন্দিৰা গান্ধী বাধ্য হৈছিল ৰাইজৰ প্ৰতিৰোধ সংগ্ৰামৰ বাবে। গণতন্ত্ৰৰ স্বাৰ্থতে আইন বলবৎকাৰী সংস্থায়ো যাতে আইনৰ চাৰিবেৰৰ মাজত থাকি কাম কৰে তাৰ ওপৰত নজৰ ৰখাটো নাগৰিক হিচাপে আমাৰ সমূহীয়া দায়িত্ব। তেওঁলোকক সকলো সময়তে দায়বদ্ধ কৰি ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ নাগৰিক সমাজে ল’ব লাগিব। আইনৰ গণ্ডীৰ বাহিৰলৈ গৈ কৰা কামৰ দায় যাতে তেওঁলোকে ল’ব লগা হয় তাৰ ওপৰত সক্ৰিয় চকু ৰখাটো দৰকাৰী।
আশাকৰোঁ ডিমা-হাচাওৰ ঘটনাৰ উচিত তদন্ত হ’ব আৰু দোষীসকলে শাস্তি পাব।
(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ ই মে’ইল ঠিকনা : [email protected])