NORTHEAST NOW (Assamese)

ডিমা হাচাও জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নৱগঠিত হিল‌ছ পীপল‌ছ ফ’ৰামে ২৮খনতে প্ৰতিদ্বন্দ্বিতা কৰিব

July 2, 2018 7:53 pm · পংকজ কুমাৰ দেব
Updated: July 2, 2018 7:54 pm
সংবাদ মাধ্যমৰ সন্মুখত সমৰডিৎ হাফলংবাৰ।

ডিমা হাচাও জিলাত প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিৎ হাফলংবাৰৰ নেতৃত্বত যোৱা শুকুৰবাৰে মাইবাঙত আত্মপ্ৰকাশ হয় নতুন ৰাজনৈতিক মঞ্চ হিল‌ছ পীপল‌ছ ফ’ৰামৰ (এইচ্ছ পি এফ)। আহি থকা পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে প্ৰাক্তন বিধায়কজনে এই নতুন ৰাজনৈতিক মঞ্চটো গঠন কৰা বুলি জানিবলৈ দিছে।

হাফলংবাৰে নৰ্থ-ইষ্ট নাওৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে কংগ্ৰেছ, অগপৰ লগতে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে। কিয়নো উপৰোক্ত আটাইবোৰ দলত হাইকমাণ্ড ব্যৱস্থা থকাত স্থানীয় নেতা-কৰ্মীয়ে নিজৰ এলেকা বা জিলাৰ স্থানীয় স্বাৰ্থত মাত মতাৰ অধিকাৰ নাথাকে।

আনহাতে ৰাষ্ট্ৰীয় দলৰ মজিয়াত পাহাৰীয়া জিলাৰ সৰু-সুৰা সমস্যা গুৰুত্ব নাপায়। এনে পৰিস্থিতিত পাৰ্বত্য জিলাখনৰ নিজা ববীয়াকৈ ৰাজনৈতিক মঞ্চ গঠনৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ লগতে কয় যে অহা ৭ জুলাইত হাফলঙত ইয়াৰ দ্বিতীয়খন সভা অনুষ্ঠিত হ’ব, য’ত মঞ্চৰ পৰৱৰ্তী ৰণনীতি সম্পৰ্কে আলোচনা কৰা হ’ব।

হাফলংবাৰে আৰু স্পষ্ট কৰি কয় যে মঞ্চই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত আটাইকেইটা পৰিষদীয় সমষ্টিতে (২৮টা) প্ৰাৰ্থিত্ব প্ৰদান কৰিব। নিৰ্বাচন খেলিব সমৰজিৎ হাফলংবাৰৰ নেতৃত্বত।

উল্লেখ্য, শুকুৰবাৰে মাইবাঙত অনুষ্ঠিত সভাত কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰ লগতে আঞ্চলিক দল এ এছ ডি চি নেতা মনজিত কাৰিগাপচা আৰু প্ৰাক্তন ছাত্ৰ নেতা কেবাৰন নাইডিং উপস্থিত আছিল।

Related News