ডিমৌত ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা  

dimou

অহা ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে একটিং একাডেমী ডিমৌ আৰু ডিমৌ লোকবাদ্য বিদ্যালয়ৰ উদ্যোগত  হুচৰি, বিহুনাচ আৰু ঢোলবাদনৰ  কৰ্মশালাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে ডিমৌ একটিং একাডেমীৰ উদ্যোগত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’বলগীয়া বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাখন এইবাৰ ত্ৰয়োদশ বছৰত সফলতাৰে খোজ পেলাবলৈ সক্ষম হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আনহাতে বিগত বৰ্ষ সমূহত এই কৰ্মশালাৰ জৰিয়তে ডিমৌ তথা দাতি- কাষৰীয়া অঞ্চলৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি ডিমৌৰ সাংস্কৃতিক ক্ষেত্ৰখনত উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে।

অসমীয়াৰ প্ৰাণৰ ও প্ৰাণ বিহুক নতুন প্ৰজন্মৰ মাজলৈ প্ৰচাৰ তথা প্ৰসাৰৰ কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰ খনত একটিং একাডেমী আৰু লোক বাদ্য বিদ্যালয়ে লোৱা প্ৰচেষ্টাক সমগ্ৰ ডিমৌবাসীয়ে শলাগ লোৱাৰ লগতে সচেতন মহলে আনন্দ প্ৰকাশ কৰিছে

ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত হ’বলগীয়া এই কৰ্মশালাত বিভিন্ন অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে সামৰণি অনুষ্ঠানত বিশেষ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা বুলি জানিবলৈ দিয়ে।