• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলাৰ ঐতিহাসিক ডিমৌ পুখুৰী বেদখল মুক্ত হ’ব নে?

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
February 27, 2018 6:47 am
CYMERA_20180208_225536-1
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল  ইতিহাসৰ চানেকি থকা বহু সম্পদ আজিও সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ লগতে বেদখলকাৰীৰ কবলত পৰি নিঃশেষ হোৱাৰ পথত।

এনে এক সম্পদ হৈছে ঐতিহাসিক ডিমৌ পুখুৰী। ডিমৌ চাৰিআলিৰ নিলগৰ আহোম ৰাজত্বৰ সময়ত খন্দা  ডিমৌ পুখুৰীটো  বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ হ’বনে সেয়া আজি ডিমৌৰ প্ৰতিজন সচেতন নাগৰিকৰ প্ৰশ্ন হৈ পৰিছে।

Apply Now

১৯০১ চনত ডিমৌ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ ডিমৌ মানচিত্ৰত এই পুখুৰীটোৰ বিষয়ে সম্পূৰ্ণ ভাৱে উল্লেখ  আছিল যদিও সেই সময়তে অসমলৈ কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত আগমন ঘটা একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে পুখুৰীটো বেদখল কৰে‌।

উল্লেখ্য যে, ১৯৯০ চনত ডিমৌ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ প্ৰত্যক্ষ সহযোগিতাত বৃহৎ ধনৰ লেনেদেনত পুখুৰীৰ মাটি বেদখল কৰা সকলক তেওঁলোকৰ মাটি সমূহ পট্টা কৰি দিয়া হয়।  ইয়াৰে অলপ মাটি আজিও অৱশিষ্ট ৰূপত পৰি আছে। এইখিনিয়েই  আজিও পুখুৰীটোৰ অস্তিত্বৰ কথা ৰাইজক সোঁৱৰাই আহিছে।

পৰৱর্তী সময়ত ডিমৌ পুখুৰী বেদখল মুক্ত কৰাৰ দাবীত ডিমৌৰ দুই এটা আগশাৰীৰ জাতীয় সংগঠনে অৱস্থান ধৰ্মঘট, গণ স্বাক্ষৰ অভিযান আদিৰ দৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও পৰৱর্তী সময়ত এই প্ৰতিবাদৰ বিপৰীতেকোনো ফলপ্ৰসু সিদ্ধান্ত প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা নহ’ল। সময়ৰ সোঁতত এই সংগঠন সমূহেও ৰহস্যজনক কাৰণত নিশ্চুপ হৈ ৰ’ল।

তদুপৰি, থাওৰা সমষ্টিৰ প্ৰাণস্বৰূপ এই পুখুৰীটোৰ ক্ষেত্ৰত থাওৰা সমষ্টিৰ প্ৰতিজন বিধায়কে সেয়া লাগিলে বৰ্তমানৰ বিধায়ক কুশল দুৱৰীয়ে হওঁক বা পূৰ্বৰ সুশান্ত বৰগোহাঁইয়ে হওঁক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

এতিয়া প্ৰশ্ন উঠিছে এই ঐতিহাসিক সম্পদসমূহ এনেদৰেই অৱহেলিত হৈয়ে ৰ’ব নে পৰিৱৰ্তনকামী চৰকাৰে এনেবোৰ জাতীয় আৱেগ জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ?

ডিমৌৰ সচেতন মহলে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে  কিছুদিনৰ পূৰ্বে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ শাখাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু পুনৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰৰ দাবীত  ১২ ফেব্ৰুৱাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ দুঘন্টাৰ বাবে অৱৰোধ কৰাৰ হুংকাৰ দিছিল।

এই সন্দৰ্ভত ইতিমধ্যে এন ই নাওত বাতৰি ওলাই গৈছে। ইয়াৰ ফলস্বৰূপে যোৱা ৯ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে ডিমৌৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙ, মাটিৰ পট্টাদাৰীসকল আৰু সংগঠনৰ সভাপতি সম্পাদক আদি সকলো লগ হৈ এখন সভাৰ আয়োজন কৰে।

উক্ত সভাত উপস্থিত ব‍্যক্তি সকলে আগতেই নলাৰ বাবে ২-৩ ফুটকৈ মাটি এৰি দিয়া হৈছিল গতিকে পুনৰ ম‍্যাদি পট্টাৰ মাটি এৰি দিব নোৱাৰে বুলি কয়।

উক্ত দিনা সভাত পট্টাদাৰসকলক ডিমৌ পুখুৰীৰ বাবে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত ও ঐতিহাসিক সমলৰ বাবে মাটি এৰি দিবলৈ আহ্বান জনোৱা হয়।  এই সন্দৰ্ভত সময়ে সময়ে সভাৰ আহ্বান কৰা হ’ব বুলিও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সিদ্ধান্ত মৰ্মে পৰৱৰ্তী সভা ১৫ মাৰ্চত  ধাৰ্য‍ কৰা হৈছে আৰু উক্ত সভাত ৰাইজে স্থানীয় বিধায়কগৰাকীৰ হস্তক্ষেপ বিচাৰিছে।

সমূহ ৰাইজে ডিমৌ অঞ্চলৰ ঐতিহ্য বহন কৰা এনে এটা সম্পদ বেদখল মুক্ত কৰাৰ লগতে উপযুক্ত সংৰক্ষণৰ দাবী জনাইছে।

 

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd