ডি জি পি হিচাপে আজি দায়িত্ব ল’লে দুবাৰকৈ ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰা দক্ষ আৰক্ষী বিষয়া কুল শইকীয়াই

KuladharSaikia

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পোৱা কুলধৰ শইকীয়া।

অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিলে ১৯৮৫ পীৰিৰ আই পি এছ বিষয়া তথা ৰাজ্যখনৰ এজন দক্ষ আৰক্ষী বিষয়া কুলধৰ শইকীয়াই। তেওঁ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ৰ কান্ধৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে শইকীয়াই অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ বিশেষ সঞ্চালকপ্ৰধান ৰূপে দায়িত্ব লৈ আছিল। ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী সুদক্ষ বিষয়া হিচাপে শইকীয়াৰ নাম বিশেষভাৱে জনাজাত। তেওঁ দুবাৰকৈ ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছিল।

নতুন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়। আজি কাহিলিপাৰাৰ বিদায়ী পেৰেডৰ সময়ত। ফটো : য়ু বি।

মন কৰিব লগীয়া যে শইকীয়া এজন জনপ্ৰিয় গল্পকাৰো। তেওঁ ‘আকাশৰ ছবি আৰু অন্যান্য গল্প’ নামৰ গল্প সংকলনৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তাৰোপৰি মুনীন বৰকটকী বঁটা আৰু কথা বঁটাও লাভ কৰিছিল সুলেখকজনে।

আজি শইকীয়াই বিদায়ী সঞ্চালক প্ৰধান মুকেশ সহায়ৰ বিদায় অনুষ্ঠানত উপস্থিত আছিল। অসম আৰক্ষীয়ে কাহিলিপাৰাস্থিত চতুৰ্থ আৰক্ষী বেটেলিয়নৰ নিৱেশত বিদায়ী সঞ্চালকপ্ৰধানজনৰ সন্মানাৰ্থে ফেয়াৰৱেল পেৰেডৰ ব্যৱস্থা কৰিছিল।