ডোকলামত থকা ভাৰত-চীন সীমান্তৰ বিবাদমান স্থানৰ পৰা সদ্যহতে ভাৰত আৰু চীন দুয়োখন দেশেই নিজৰ নিজৰ সৈন্যদলক ‘মুখা-মুখি’ অৱস্থানৰ পৰা আঁতৰাই লৈ গৈছে। উক্ত স্থানত দুয়োখন দেশেই সেনা সঞ্চালন কম কৰাৰ পিচত শেহতীয়াভাৱে অৱস্থাৰ কিছু উন্নতি হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইংগিত দিছে। মন্ত্ৰী নিৰ্মলা সীতাৰামণে সোমবাৰে সংবাদ মাধ্যমক প্ৰদান কৰা এটি চুটি বিজ্ঞপ্তিৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আৰু প্ৰকাশ কৰিছে এই এলেকাটোত চীনে হেলিপেড, ৰক্ষী স্থান আৰু সেনা বাহিনীৰ লোকৰ বাবে ট্ৰেন্স নিৰ্মাণ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে।
২০১৭ চনত ৭৩ দিন ধৰি দুয়ো দেশৰ সৈন্য বাহিনী পৰস্পৰৰ মুখা-মুখি হৈ থকাৰ পিছত শেহতীয়াভাৱে দুয়ো দেশেই ‘মুখা-মুখি’ অৱস্থানৰ পৰা আঁতৰাই লৈ গৈছে আৰু এলেকাটোত সেনাৰ সঞ্চালন কম কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লোকসভাত এই বিষয়টোৰ ওপৰত বক্তব্য ৰখাৰ সময়ত এইদৰে কয়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে চীনা সেনা বাহিনীয়ে শীতকালত সৈন্য চালনা সুচল কৰি ৰখাৰ বাবে কিছুমান ট্ৰেন্স, ৰক্ষী অৱস্থান আৰু হেলিপেড নিৰ্মাণ কৰি আছে।
প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুভাষ ভামৰেই প্ৰকাশ কৰিছে যে সীমান্তৰ অৱস্থা এতিয়াও যথেষ্ট সংৱেদনশীল হৈ আছে আৰু পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ পূৰ্ণ সম্ভৱনা আছে।
কৃত্ৰিম উপগ্ৰহৰ পৰা পৰা লাভ কৰা আলোকচিত্ৰত এই এলেকাটোত চীনা সৈন্যই সাতখন হেলিপেড নিৰ্মাণ কৰা, টেংক আৰু মিছাইল সঞ্চালন কৰাৰ দৃশ্যৰ ওপৰত শোধা এটি প্ৰশ্নৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰামণে এইদৰে কয়।
বিষয়টো চীনা কৰ্তৃপক্ষৰ কৰ্ণগোচৰ কৰা হৈছে নাই এই সম্বন্ধে সোধা এটি প্ৰশ্নৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সীমা সম্পৰ্কীয় বিষয়সমূহ কূটনৈতিক ব্যৱস্থাপনা, সীমা বিষয়াসকলৰ আলোচনাচক্ৰ, ফ্লেগ আলোচনাচক্ৰ আৰু চীন-ভাৰত সম্পৰ্কৰক্ষী পৰামৰ্শ আৰু সহযোগৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ জৰিয়তে নিয়মিতভৱে চীন কৰ্তৃপক্ষক জনাই থকা হয়।
সূত্ৰটোত পুনৰ কোৱা হৈছে যে চীনা ফালে তেওঁলোকৰ আন্তঃগাঠনি নিৰ্মাণ বঢ়াই তুলিছে আৰু ডোকলামৰ উত্তৰে পূৰ্ণ ক্ষমতাসম্পন্ন সৈন্য বাহনীক সষ্টম কৰি ৰাখিছে।
উল্লেখ্য যে যোৱা বছৰ আৰত আৰু চীন দুয়োখন দেশৰ সৈন্য বাহিনী ডোকলামৰ বিবাদমান এলেকাত ১৬ জুনৰ পৰা ২৮ আগষ্টলৈকে ৭৩ দিন ধৰি মুখা-মুখি অৱস্থানত আছিল।