ড০ দিলীপ কলিতালৈ সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা

অসম সাহিত্য সভাৰ ডিফুস্থিত ৰাংছিনা ভৱন কাৰ্যালয়ত অহা ২১ জুলাইত ২০১৮-২০ চনৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জনোৱা অনুসৰি উক্ত দিনা পুৱা ১০ বজাৰ পৰা পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন অনুষ্ঠিত হ’ব আৰু সভাৰ সাংগঠনিক তথা অন্যান্য বিষয় সন্দৰ্ভত এই সভাত আলোচনা কৰা হ’ব।

আনহাতে কাৰ্বি আংলং জিলাৰ ডিফুৰ বিশিষ্ট গৱেষক, লেখক তথা অনুবাদক ড০ দিলীপ কলিতাক এইবাৰ অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

আৰু তেওঁক ২০ জুলাইত ডিফু শাখা সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং। সভা উদ্বোধন কৰিব জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই।

আনহাতে সন্মানীয় অতিথি হিচাপে কাৰ্বি লামেত আমেইৰ সভাপতি সুৰেন ক্ৰামছা আৰু ডিমাচা সাহিত্য সভাৰ উপ-সভাপতি নজেন্দ্ৰ নুনিছা উপস্থিত থাকিব।