NORTHEAST NOW (Assamese)

হোটেল প্ৰগতি মেনৰত ‘ড০ হিমন্ত বিশ্ব কিয় মুখ্য মন্ত্ৰী নহ’ল’ শীৰ্ষক গ্ৰন্থ উন্মোচন

March 30, 2018 9:20 pm · কল্পজ্যোতি শইকীয়া
Updated: March 30, 2018 9:26 pm

ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ বহু চৰ্চিত নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ কিছুমান দিশত আলোকপাত কৰি লিখা এখন গ্ৰন্থ, ‘ড০ হিমন্ত বিশ্ব কিয় মুখ্য মন্ত্ৰী নহ’ল?’ আজি উন্মোচন কৰা হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল প্ৰগতি মেনৰত গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখনৰ লেখক নিউজ লাইভত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মা।

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিল ডি ৱাই ৩৬৫ ৰ কনচালণ্টিং এডিটৰ অতনু ভূঞা, নিউজ লাইভৰ মুখ্য সম্পাদক জেৰিৰ হুছেইন, নিউজ ১৮ অসম নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, আছাম টকচৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তী আৰু নিউজ লাইভৰ কনচালটিং এডিটৰ ধ্ৰুৱ মহন্ত।

অতনু ভূঞাই নিজৰ বক্তব্যত কয় যে বজাৰত অসমীয়া গ্ৰন্থৰ বিক্ৰী খুব বেয়া। বজাৰত অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰায় নচলাই হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা বিষয় যাৰ নামত কিতাপ লিখিলে বজাৰত চলাৰ যথেষ্ট সম্ভাৱনা আছে।

গ্ৰন্থখন প্ৰকাশ কৰিছে মৰমলেণ্ড নামৰ প্ৰকাশন গোষ্ঠীটোৱে।

Related News