ডo নাজৰানা আহমেদ অসম চাহ খেতিয়ক সংস্থাৰ অধ্যক্ষা নিৰ্বাচিত

state051

এটিপিএৰ নৱ নিৰ্বাচিত অধ্যক্ষা ড০ নাজৰানা আহমেদ। ফটো : ইন্টাৰনেট

ৰাজ্যখনৰ চাহ উদ্যোগলৈ উল্লেখনীয় বৰঙনি আগবঢ়াই অহা অসম চাহ খেতিয়ক সংস্থা (এ টি পি এ) ৰ ৮১ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে সংস্থাটোৰ অধ্যক্ষাৰূপে এইবাৰ নিৰ্বাচিত হৈছে এগৰাকী মহিলা।

এ টি পি এৰ যোৰহাটস্থিত প্ৰধান কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত শুকুৰবাৰে আগন্তুক ২০১৮-২০২০ বৰ্ষৰ বাবে ডিব্ৰুগড়ৰ বৈৰাগীমথৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ পথস্থিত আহমেদ টী কোম্পানী (প্ৰাঃ) লিমিটেডৰ সঞ্চালক ড০ নাজৰানা আহমেদক অধ্যক্ষা ৰূপে নিৰ্বাচন কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু বৃহৎ চাহ খেতিয়ক সংস্থাসমূহৰ ভিতৰত অন্যতম অসম চাহ খেতিয়ক সংস্থাৰ জন্ম হৈছিল ১৯৩৫ চনত। ইয়াৰ সদস্য হিচাপে আছে প্ৰায় ২০০ খন চাহ বাগিচা।

এটিপিএৰ ৩৫ সংখ্যক অধ্যক্ষ হিচাপে অহা ১৩ জুলাইত যোৰহাটৰ জিমখানা ক্লাৱত অনুষ্ঠিত হ’ব লগা এ টি পি এৰ বাৰ্ষিক সাধাৰণ সভাত নৱনিৰ্বাচিত অধ্যক্ষা ডo নাজৰানা আহমেদে দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমান ড০ আহমেদে সংস্থাৰ উপাধ্যক্ষা হিচাপে হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছে। এই পদটো অধিষ্ঠিত হোৱা তেওঁৱেই প্ৰথমগৰাকী মহিলা।

ডিব্ৰুগড়ৰ তৃতীয় প্ৰজন্মৰ চাহ খেতিয়ক ড০ আহমেদ এগৰাকী আইনজীৱীও। তেওঁ ডিব্ৰুগড়ৰ বৈৰাগীমুখৰ আহমেদ টী কোম্পানী (প্ৰাঃ) লিমিটেডৰ সঞ্চালক।

ইপিনে, মুক্তাবাৰী টী এষ্টেট (প্ৰাঃ) লিমিটেডৰ পৰিচালনা সঞ্চালক গৌতম বৰুৱাক এ টি পি এৰ উপাধ্যক্ষ ৰূপে শুকুৰবাৰৰ কাৰ্যনিৰ্বাহকে নিৰ্বাচন কৰে।