তথ্য প্ৰযুক্তি, ইলে’কট্ৰনিক এণ্ড কমিউনিকে’ছনৰ সুকীয়া সঞ্চালকালয় উদ্বোধন অসমৰ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী

‘ৰাজ্যখনৰ জনসাধাৰণলৈ সুপ্ৰশাসন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ‘ই-গভাৰনেন্স’ বহুলভাৱে প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তথ্য-প্ৰযুক্তিৰ এক সুকীয়া সঞ্চালকালয় উদ্বোধনৰ জৰিয়তে ৰাজ্যখনৰ চহৰ অঞ্চল আৰু গ্ৰামাঞ্চলৰ মাজত থকা ডিজিটেল ব্যৱধান হ্ৰাসৰ ক্ষেত্ৰত সহায়ক হ’ব।’ আজি জনতা ভৱন চৌহদত তথ্য প্ৰযুক্তি, ইলেকট্ৰনিক এণ্ড কমিউনিকে’ছনৰ এক সুকীয়া সঞ্চালকালয় উদ্বোধন কৰি এইদৰে  কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানটোত লগতে কয় যে এয়াৰৱে’জ, ৰ’ডৱে’জ, ৱটাৰৱে’জৰ উপৰি ৰাজ্য চৰকাৰে ইনফৰমে’ছন হাইৱে’ গঢ়ি তোলাৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিছে।

তেওঁ কয় যে ৰাজ্যখনৰ দূৰণিবটীয়া অঞ্চলৰ জনসাধাৰণে যাতে সুপ্ৰশাসন লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি অপটিকেল গ্ৰীডৰ এক সুসংহত নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলাৰ  দিশত সক্ৰিয়ভাৱে কাম কৰি আছে।

মুখ্য মন্ত্ৰীয়ে কয় যে তথ্য প্ৰযুক্তিৰ সুকীয়া সঞ্চালকালয়ে সকলো পৰ্যায়তে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত বহুলাংশে সহায় কৰিব।

সঞ্চালকালয়লৈ বিভিন্ন ধৰণৰ তথ্য বিচাৰি অহা লোকসকলক সঞ্চালকালয়টোৰ প্ৰযুক্তিগত অভিজ্ঞতা থকা বিষয়া-কৰ্মচাৰীসকলে তথ্য যোগানেৰে তেওঁলোকক সহায় কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ’ব লাগিব বুলিও তেওঁ কয়।

তেওঁ কয় যে সঞ্চালকালয়ে সম্ভাৱ্য বিনিয়োগকাৰী সকলৰ বাবে বিনিয়োগ ক্ষেত্ৰসমূহৰ তথ্য সংঘবদ্ধভাৱে ৰাখিব লাগিব যাতে বিনিয়োগকাৰীসকলে মাউছৰ বুটাম টিপিলেই বিনিয়োগৰ ক্ষেত্ৰসমূহৰ উপযুক্ত তথ্য লাভ কৰিব পাৰে।

অনুষ্ঠানটোত উপস্থিত থকা তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই তথ্য প্ৰযুক্তি জাগৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ ব্যখ্যা আগবঢ়োৱাৰ লগতে আগন্তুক দিনত চৰকাৰে আৰু বহু সংখ্যক তথ্য প্ৰযুক্তিৰ আঁচনি গ্ৰহণ কৰিব বুলি কয়।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, বিমল বৰা, চক্ৰধৰ গগৈ, বিমল হাজৰিকা, বলিন চেতিয়া, আনোৱাৰ হুছেইন লস্কৰ, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, ভিবি প্যাৰেলাল, অলোক কুমাৰ, তথ্য প্ৰযুক্তিৰ সঞ্চালক বিনোদ ছেছানৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।