তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ‘পঞ্চায়ত পৰীক্ষা’ৰ ফলাফল ঘোষণাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

Guwahati-High-court

ব্যাপক বিশৃংখলতাৰ মাজেৰে যোৱা ২০ মে’ত ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদৰ পৰীক্ষাক লৈ তদন্ত চলি আছে যদিও এই পৰ্যন্ত তদন্ত প্ৰক্ৰিয়াৰ গতি নিষ্প্ৰভ। সেয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে পৰীক্ষাৰ ফলাফল ঘোষণাত উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

বিসংগতিপূৰ্ণ উক্ত পৰীক্ষাৰ ফলত যাতে কোনো যোগ্য প্ৰাৰ্থী বঞ্চিত নহয় তাৰ বাবে সম্প্ৰতি উচ্চ ন্যায়ালয়ে এনেধৰণৰ পদক্ষেপ লৈছে।

উল্লেখ্য যে শিখা শৰ্মাসহ ১০ গৰাকী আবেদনকাৰীয়ে দাখিল কৰা ৮৭১৮/১৮ নম্বৰৰ লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে ফলাফল সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰাৰ লগতে পৰৱৰ্তী শুনানি ১৬ জুলাই ধাৰ্য কৰা হয়।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে আৰ চুৰাণাই এই আবেদন গ্ৰহণ কৰি শুনানি গ্ৰহণ কৰে আৰু য’ত সংশ্লিষ্ট বিভাগৰ অধিবক্তাই এই সমগ্ৰ অনিয়মৰ চি আই ডি তদন্ত চলি থকাৰ সময়ত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কিছুমান পদৰ বাবে যোৱা ২০ মে’ত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা, ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত বিয়পি পৰা আৰু সময়ত অ’ এম আৰ ছীট পৰীক্ষাকেন্দ্ৰলৈ নহাকে ধৰি অনেক অনিয়ম হোৱাৰ অভিযোগ উঠিছিল। ইয়াৰ উপৰি প্ৰশ্ন কাকতৰ খেলি মেলি, য’ত কিছুমান প্ৰশ্নৰ তাৰ সম্ভাৱ্য উত্তৰৰ সৈতে কোনো সংগতি নাই।

যি নহওক পৰীক্ষাৰ্থীৰ ব্যাপক প্ৰতিবাদত সেও মানি অৱশেষত ৰাজ্যৰ মুখ্য সচিবৰ তৎপৰতাত পৰীক্ষাৰ বিসংগতি সম্পৰ্কে চি আই ডি তদন্ত দিবলৈ বাধ্য হয়। এতিয়া সকলো পৰীক্ষাৰ্থীয়ে চি আই ডিৰ তদন্ত পোহৰলৈ অহাকে অধীৰ আগ্ৰহেৰে বাট চায় আছে।