• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষা পুনৰ পতাৰ দাবীৰে পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ সন্মুখত শতাধিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 22, 2018 9:47 pm
NabaDoley

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক খলিমেলিৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মঙলবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ সন্মুখত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কিছুমান পদৰ বাবে যোৱা ২০ মে’ত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা, ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত বিয়পি পৰা আৰু সময়ত অ’ এম আৰ ছীট পৰীক্ষাকেন্দ্ৰলৈ নহাকে ধৰি অনেক অনিয়ম হোৱাৰ অভিযোগ উঠিছিল।

Apply Now

কিন্তু যদিও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই এইবোৰক ‘সৰু খেলিমেলি’ আৰু সুকলমে পৰীক্ষা অনুষ্ঠিত হোৱা বুলি দাবী কৰিছে, এই লৈ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে। আনকি মুখ্য মন্ত্ৰীয়েও ইয়াৰ তদন্ত দিয়া বুলি জানিব পৰা গৈছে।

আজি প্ৰতিবাদকাৰীসকলে যোৱা ২০ মে’ত অনুষ্ঠিত পৰীক্ষাটো বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। পৰীক্ষাত হোৱা এই খেলিমেলিবোৰত ষড়যন্ত্ৰৰ গোন্ধ পোৱা বুলি উল্লেখ কৰি আজি পৰীক্ষাৰ্থীসকলে বিষয়টোৰ চি বি আই তদন্ত দাবীও কৰে।

“বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি কৈ থাকে, কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত যি হ’ল সেয়া এক চৰম দুৰ্নীতি। চৰকাৰে ইয়াৰ তদন্ত কৰক।” এগৰাকী পৰীক্ষাৰ্থীয়ে এইদৰে কয়।

প্ৰতিবাদকাৰীসকলে বিষয়টোৰ উচিত তদন্তৰ দাবী কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

ইপিনে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক আৰাজকতা সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মঙলবাৰে এক সংবাদমেল যোগে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। বৰাই বিভাগীয় মন্ত্ৰীগৰাকীক ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগৰ দাবী জনায়। লগতে তেওঁ পৰীক্ষাত হোৱা বিসংগতিত মন্ত্ৰী বা বিভাগটোৰ বিষয়াও জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে।

উল্লেখ্য যে এই পৰীক্ষাটো পুনৰ অনুস্থিত কৰাৰ লগতে চি বি আই তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছেও।

পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নৰ্থ-ইষ্ট নাওক কয়, “পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত ব্যাপক দুৰ্নীতি হৈছে। মুখ্য মন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, গতিকে এই দুৰ্নীতিৰ তদন্ত কৰক।”

একেদৰে অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো বিষয়টোৰ উচিত তদন্ত দাবী কৰে। তেওঁ কয়, “পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে মোবাইলে মোবাইলে প্ৰশ্ন কাকত বিয়পি যোৱা বুলি আমি খবৰ পাইছো, লগতে পৰীক্ষা চলি থকাৰ মাজতে মোবাইল ফোন ব্যবহাৰ কৰি থকা ফটো প্ৰকাশ পাইছে। ইমানবোৰ প্ৰমাণ থকাৰ পাছতো মন্ত্ৰীয়ে বিষয়টো অস্বীকাৰ কৰিব বিচৰা কথাটো হাস্যকৰ।” তেওঁ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ দাবী কৰে।

বিষয়টো সন্দৰ্ভত চৰকাৰ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক গৰিহণা দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। গগৈয়ে কয়, “এয়া চৰকাৰৰ চৰম ব্যৰ্থতা। চৰকাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীক লৈ হেতালি খেলিব বিচাৰিছে।” তেৱোঁ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ লগতে বিষয়টোৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰে।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব ড০ জে বি এক্কাক তদন্তৰ নিৰ্দেশ দিছে যদিও এই পৰ্যন্ত ২০ মে’ত অনুষ্ঠিত পৰীক্ষাটো বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd