NORTHEAST NOW (Assamese)

তিতাবৰত দুই সোপাধৰাৰ ১০ বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা

June 7, 2018 6:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত চৌদিশে এতিয়া অৰম্ভ হৈছে সোপাধৰাৰ সন্ত্ৰাস। চৰাইদেউ, বিশ্বানাথৰ পিছতে এইবাৰ সোপাধৰাই সন্ত্ৰাস সৃষ্টি কৰিছে তিতাবৰত। তিতাবৰত আজি এগাৰীক ১০ বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা চলাইছিল দুই সোপাধৰাই।

উল্লেখযোগ্য যে অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল তিতাবৰৰ ২ নং ফুলবাৰীত আজি দুই সোপাধৰাই ১০ বছৰীয়া এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা চলায়।

প্ৰাপ্ত তথ্য মতে প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাই থকা অৱস্থাত দুজন অচিনাক্ত ব্যক্তিয়ে কিশোৰী গৰাকীৰ ঘৰত পানী খাবলৈ সোমাই ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীৰ মুখত সোপা দি হাত-ভৰি বান্ধি নগা পাহাৰৰ ওপৰলৈ লৈ যায়।

জানিব পৰা মতে কিছু দূৰ পাহাৰৰ ওপৰলৈ যোৱাৰ পিছত লোক দুজনে কিশোৰী গৰাকীক অচেতন কৰিবলৈ বেজী প্ৰয়োগ কৰিবলৈ লোৱা সময়তে কিশোৰী গৰাকীয়ে দুৰ্বৃত্তৰ হাতত কামুৰি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে চিঞৰিবলৈ ধৰে।

ফলত লোক দুজনে কিশোৰী গৰাকীক তাতে এৰি পলায়ন কৰে। ইফালে স্থানীয় ৰাইজে কিশোৰীগৰাকীৰ চিঞৰ শুনি  কিশোগৰাকীক পাহাৰৰ ওপৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে এনেদৰে দিনতে এগৰাকী ১০ বছৰীয়া কিশোৰীক নিজ ঘৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰিবলৈ চেষ্টা কৰা ঘটনাই সচেতন মহলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News