১৭ গৰাকী পঞ্চায়ত সচিব,কনিষ্ঠ অভিযন্তাক নিলম্বন : ব্যহত হৈ পৰিছে এন আৰ চিৰ কাম-কাজ

PNRD-Assam-678x381

জাতীয়তাবাদী শিবিৰ ত্যাগ কৰি গেৰুৱা বসন পিন্ধা অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী নৱ দলেৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তিনিচুকীয়া জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিস্কৰ্মা মন্ত্ৰীগৰাকীৰ মইমতালিৰ বাবেই জিলাখনৰ কেতবোৰ কেন্দ্ৰত সম্প্ৰতি এন আৰ চিৰ কাম-কাজ স্তব্ধ হৈ পৰাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ তুলি মন্ত্ৰী গৰাকীৰ নিৰ্দেশত যোৱা ২৬ জুনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভগাৰ আয়ুক্তই তিনিচুকীয়া জিলাৰ ১৬ গৰাকী পঞ্চায়ত সচিবক নিলম্বন কৰাটো মন্ত্ৰীগৰাকীয়ে ক্ষমতা প্ৰৰ্দশনেৰে গ্ৰহণ কৰা সিদ্ধান্ত আছিল বুলি জিলাখনৰ একাংশ পঞ্চায়ত কৰ্মীয়ে অভিযোগত তুলিছে।

প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ২১ জুনত মন্ত্ৰী নৱ দলেই তিনিচুকীয়া জিলাৰ ডি আৰু ডি এৰ এখন পৰ্য্যালোচনা সভাৰ আয়োজন কৰিছিল। সেই মৰ্মে উক্ত সভাখন দিনৰ ১১ বজাত অনুষ্ঠিত কৰাৰ সময় বান্ধি দিছিল মন্ত্ৰীগৰাকীয়ে। সেয়ে গাওঁ পঞ্চায়তৰ সচিব, বিভিন্ন উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা,পঞ্চায়ত সমূহৰ গানণিক, কম্পউটাৰ অপাৰেটৰকে ধৰি কৰ্মচাৰীসকলে উক্ত দিনা সকলো কাম-কাজ এৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পুৱাৰ পৰা খাপ পিটি আছিল।

ইপিনে মন্ত্ৰী গৰাকীয়ে বান্ধি দিয়া সময়তকৈ ৫ ঘণ্টা পলমকৈ উপস্থিত হয়হি। আনহাতে এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ কামত নিয়োজিত উক্ত কৰ্মচাৰীসকলে বহু ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো মন্ত্ৰী গৰাকী আহি নোপোৱাত কামৰ তাগিদাত গুচি যায়। ইয়াৰ পিছত পলমকৈ সভাত উপস্থিত হোৱা মন্ত্ৰী নৱ দলেই সভাত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে।

অভিযোগ অনুসৰি মন্ত্ৰী গৰাকীয়ে ‘’মই নিৰ্দেশ দিয়া সভাত কিয় উপস্থিত নাথাকিব “বুলি তৰ্জন গৰ্জন কৰি খঙত অগ্নিশৰ্মা হৈ পৰে। পিছত মন্ত্ৰীগৰাকীয়ে এই কথাতে জিলাখনৰ ১৬ গৰাকী পঞ্চায়ত সচিবৰ লগতে হাপজান উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা প্ৰদীপ দত্তক নিলম্বন কৰাৰ অভিযোগ উঠিছে।

ইপিনে প্ৰদীপ দত্ত নামৰ এই কনিষ্ঠ অভিযন্তাজনক নিলম্বন কৰাৰ ফলত কনিষ্ঠ অভিযন্তাগৰাকীৰ তত্ত্বাৱধানত থকা মাকুমৰ এটা এন আৰ চি কেন্দ্ৰৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। তদুপৰি এন আৰ চিৰ কাম-কাজত জড়িত হৈ থকা গাওঁ পঞ্চায়তৰ ১৬ গৰাকীকৈ সচিবক আক্ৰোশমোলকভাৱে নিলম্বিত কৰাৰ ফলত জিলাখনৰ এন আৰ চিৰ কাম কাজত ব্যঘাত সৃষ্টি হৈছে।

যি সময়ত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা ৩০ জুন নিৰ্দ্ধাৰণ কৰি দিছে আৰু এই উদেশ্য এন আৰ চিৰ সৈতে জড়িত কৰ্মচাৰীসকলে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত দুটা দিন থকা অৱস্থাত কাম-কাজ তীব্ৰতৰ কৰি তুলিছে, সেই সময়তে মন্ত্ৰী দলেৰ এনে অবিবেচকী তথা স্বেচ্ছাচাৰী কাৰ্যৰ বাবেই এন আৰ চিৰ কাম-কাজ স্তব্ধ হৈ পৰাত তিনিচুকীয়া জিলাৰ সৰ্বস্তৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।