NORTHEAST NOW (Assamese)

তিনিচুকীয়া-ডিগবৈ সংযোগী পাইপ ফুটি তেল নিৰ্গত; যিকোনো সময়তে ভয়ানক ঘটনা সংঘটিত হ’ব পাৰে যদিও নীৰৱ নিৰাপত্তা বাহিনী

June 28, 2018 8:48 pm · এন ই নাও নিউজ

তিনিচুকীয়া জিলাত কিছু সময়ৰ পূৰ্বে তিনিচুকীয়া -ডিগবৈ শোধনাগাৰ সংযোগী এডাল তেল পৰিবাহী পাইপ ফুটি তেল নিৰ্গত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বঙালী বালিজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা তিনিচুকীয়া-ডিগবৈ সংযোগী এডাল তেল পৰিবাহী পাইপ ফুটি ডিজেল নিৰ্গত হৈছে।

মন কৰিব লগীয়া যে নিৰাপত্তা বাহিনীৰ সন্মুখতে স্থানীয় ৰাইজে পাইপ ফুটি নিৰ্গত হোৱা তেল ল’বলৈ হেতা-ওপৰা লগাই। কিন্তু এই পাইপ ফুটি নিৰ্গত হোৱা তেলৰ পৰা স্থানীয় ৰাইজে তেল ল’বলৈ যাওঁতেই যিকোনো অঘটন হোৱাৰ সম্ভাৱনা থকা সত্ত্বেও কিন্তু নিৰাপত্তা বাহিনীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।

আনহাতে এই ঘটনাৰ আঁৰত কোনো তেল চুৰি চক্ৰও জড়িত থাকিব পাৰে বুলি স্থানীয় সচেতন লোক তথা নিৰাপত্তা বাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Related News