যোৱা কেইদিনত খুব সঘনাই সলনি হোৱা নাগালেণ্ডৰ ৰাজনৈতিক দৃশ্যপটত আন এক নতুন মোৰ দেখা গৈছে। মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি তেওঁৰ তিনিজন উপদেষ্টা আৰু পাঁচজন সংসদীয় সচিবক বৰ্খাস্ত কৰে। ইয়াৰ ফলত মন্ত্ৰীসভাখনৰ ৰদবদলৰ বাট মুকলি কৰা হ’ল। কেবিনেট ছেক্ৰেটেৰি পংকজ কুমাৰৰ দ্বাৰা জাৰি কৰা এখন জাননী মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপদেষ্টা নোকে ৱাংনাও, পৰিকল্পনা আৰু সমন্বয় উপদেষ্টা চি এম চাং, আৰু উচ্চ শিক্ষা আৰু নাগালেণ্ড মৌপালন আৰু মৌ অভিযান (এন বি এইচ্ছ এম)ৰ দেও নুখুক পদৰ পৰা আঁতৰোৱা হৈছে। আনহাতে সংসদীয় সচিবকেইজন হ’ল পহোৱাং কন্যাক (মূল্যায়ন আৰু নাগালেণ্ড ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান), মেৰেনটশ্বি আৰ জমিৰ (সমাজ কল্যাণ), ঝালেও ৰিঅ’ (পৌৰ বিভাগ), নামৰি চাং (ৰেচম, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী আৰু নাগালেণ্ড জৈৱ সম্পদ অভিযান) আৰু ড০ কেডিটছু (শ্ৰম আৰু নিয়োগ আৰু দক্ষতা বিকাশ)। আনহাতে দুদিনৰ পূৰ্বে নতুনকৈ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱা ছজনক দপ্তৰ বিতৰণ কৰাৰ কাম এতিয়াও বাকী ৰৈ গৈছে।
চৰকাৰৰ এটা সূত্ৰই কয় যে অহা বুধবাৰে, অৰ্থাৎ কাইলৈ জেলিয়াঙে সংসদীয় সচিব/উপদেষ্টাসকলৰ সালসলনি কৰাৰ সম্ভাৱনা আছে, যাৰ পিছত নতুন মন্ত্ৰীকেইজনক বিভাগৰ আবণ্টন দিয়া হ’ব। সূত্ৰটোৱে জানিবলৈ দিয়া মতে এন পি এফৰ বিধায়কসকলৰ মাজত সংঘাত দূৰীকৰণ প্ৰক্ৰিয়া এতিয়াও ভালেখিনি বাকী আছে। ইয়াৰ বাট মুকলি কৰি নেইফিউ ৰিঅ’ দলটোত থকা তেওঁৰ সমৰ্থক সকলক মিতমাত হ’বলৈ সুযোগ দিছে যদিও দলটোৰ এজন জ্যেষ্ঠ নেতা তথা ড০ শ্বুৰহোজেলিৰ অনুগত কে জি কেনেই দলটোৰ দুয়োটা গোটৰ পুনৰ একত্ৰীকৰণৰ পক্ষপাতী নহয় বুলি জানিব পৰা গৈছে।