তিব্বতত তিনিটা নতুন বিমানবন্দৰ পৰিকল্পনা চীনৰ : দক্ষিণ পূব-এছিয়াৰ আকাশত ড্ৰেগনৰ ৰণদুন্দুভি

ChineseAirForceinTibet

প্ৰতিনিধিত্বমূলক ছবি

চীনে শেহতীয়াভাৱে নিজৰ উপনিৱেশ তিব্বতত তিনিটাকৈ নতুন বিমানবন্দৰ নিৰ্মাণ কৰিব লৈছে, ভৌগৌলিক-সামৰিক দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ আৰু বিবাদমান এলেকাটোত চীনে সমৰসজ্জা অতি ব্যাপক কৰি তুলিছে, এই সমৰসজ্জাৰ অংশস্বৰূপেই এই অতিৰিক্ত তিনিটা বন্দৰৰ নিৰ্মাণ কৰা হ’ব বুলি ঠাৱৰ কৰা হৈছে।

কোৱা বাহুল্য যে তিব্বতত ইতিমধ্যেই চীনৰ ১৪ টাকৈ বিমান বন্দৰ আছে যত চীনে নিজৰ বিমান বাহিনীৰ বিশাল সংখ্যক যুঁজাৰু বিমান, মাল পৰিবাহী ঝিয়ান ৱাই -২০ বিমান আৰু টেংকাৰ সাজু কৰি ৰখা বুলি উপগ্ৰহৰ ছবিত দেখা পোৱা গৈছে। ভুটান নেপাল আৰু ভাৰত সীমান্তৰ সংবেদনশীল সংগমস্থলীৰ তিনি অঞ্চল ক্ৰমে লাহোকা (Lhoka), ঝিগাজ (Xigaze) আৰু গাড়ী (Ngari)ত নিৰ্মাণ কৰিব লোৱা বন্দৰ কেইটাই যথেষ্ট অৰ্থ বহন কৰিছে।

চীনৰ ৰাষ্ট্ৰনিয়ন্ত্ৰিত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি উক্ত প্ৰকল্প ২০২১ চনৰ আগত ১৭.৬ বিলিয়ণ য়ুৱান ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে বাণিজ্য আৰু পৰ্য্যটনক ত্বৰাণ্বিত কৰা হব, কিন্ত চীনৰ এই কাৰ্য্যৰ অন্তৰালত কি উদ্দেশ্য নিহিত হৈ আছে সেয়া ভাৰতৰ সামৰিক বিশেষজ্ঞ সকলে উদঙাই দিছে।

উল্লেখযোগ্য যে, ২৮,৭০০ বৰ্গ কি.মি বহল বিবাদমান এই ভূখণ্ডক ভাৰতে অতীজৰে পৰা অৰুণাচলৰ অংগ হিচাপে দাবী উত্থাপন কৰি আহিছে, আৰু এই অঞ্চলটো চীন-ভাৰতৰ মাজত বিগত বৰ্ষত চেপা উত্তেজনাই বিৰাজ কৰা ডোকলামৰ পৰা নাতিদূৰৈত তিব্বত ভাৰতৰ চিক্কিম আৰু ভুটান সীমান্তৰ সংগমস্থলীত অৱস্থিত।

চীনে সাগৰপৃষ্ঠৰ পৰা যথেষ্ট উচ্চতাত বিমান বন্দৰ নিৰ্মাণ কৰা ঘটনাটোক ভাৰতৰ সামৰিক বিশেষজ্ঞ সকলে চীনৰ দখলদাৰী চতুৰ নীতি বুলি আখ্যা দিছে। উচ্চতাত বিমানকোঠ নিৰ্মাণ কৰি তাৰ জৰিয়তে ডোকলাম আৰু তিব্বতত নিজৰ সামৰিক স্থিতি সবল কৰাটোৱে চীনৰ প্ৰধান লক্ষ্য। তাৰ ফলত ভৱিষ্যতৰ যুদ্ধত ব্যাপক হাৰত সৈন্যপৰিবাহী জাহাজ একত্ৰ কৰি সেনা সঞ্চালন কৰাটো সহজ হৈ পৰিব আৰু পদাতিক সেনাক সহায় আৰু বোমাবৰ্ষণৰ বাবে চীনে যুঁজাৰু বিমানৰ সংখ্যা বঢ়াই তুলিব।

কোৱা বাহুল্য যে চীনে একলা-দুকলাকৈ নিজৰ বায়ু শক্তি বঢ়োৱাত গুৰুত্ব প্ৰদান কৰিছে, ইতিমধ্যেই তৃতীয় প্ৰজন্মৰ জে-৭, জে-৮, চতুৰ্থ প্ৰজন্মৰ জে -১০, জে-১১ জে এফ-১৭, ৪.৫ প্ৰজন্মৰ জে-১৬, ছুখয় -২৭, ছুখয় -৩০, এম কে ছুখয় -৩৫ এছ আৰু সদ্য অন্তভুক্ত পঞ্চম প্ৰজন্মৰ জে-২০ সমন্বিতে ২ সহস্ৰাধিক যুঁজাৰু বিমানৰ সমাগম নিজৰ বায়ুসেনাত কৰিবলৈ সক্ষম হৈছে যি ভাৰতৰ বায়ুশক্তিৰ তিনিগুণ।

স্বাভাৱিকতেই চীনে নিজৰ বায়ুশক্তিৰ এক-তৃতীয়াংশ ভাৰতৰ পশ্চিম সীমান্তলৈ সঞ্চালন কৰি ভাৰতৰ বিৰুদ্ধে যুদ্ধপ্ৰস্তুতিত আগবাঢ়ি থকাটো বিচাৰে। চীনে শেহতীয়াকৈ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক জে-২০ বিমান নিজৰ সেনাত অন্তভুক্ত কৰিছে, আধুনিক প্ৰযুক্তিৰ বাবে ৰাডাৰত দৃষ্টিহীন আৰু উন্নত ৰেঞ্জ, ৰাডায, এভিয়নিকছ থকা এই বিমান আমেৰিকাৰ বিধ্বংসী এফ -২২ ৰাপ্তাৰ আৰু এফ-৩৫ লাইটনিংৰ সমপৰ্য্যায়ৰ বুলি সামৰিক মহলে সকীয়নি দিছে।

বিগত জানুৱাৰিত চীনে ৰাছিয়াৰ পৰা পুৰ্বৰ অৰ্ডাৰ মৰ্মে ৪.৫ প্ৰজন্মৰ অত্যাধুনিক বিমান ছুখয় -৩৫ এছৰ ২৪ খন গ্ৰহণ কৰে আৰু তাক ততালিকে বায়ুসেনাত অন্তভুক্ত কৰি জে-২০ ৰ লগত তিব্বতত ইয়াৰ ব্যাপক পৰীক্ষণ চলায়, এই পৰীক্ষণ কাৰ্য্যসূচী ভাৰতৰ ছুখয় -৩০ বিমানৰ ৰাডাৰে ধৰা পেলায়। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তিব্বতত চীনে ব্যাপক যুঁজাৰু বিমান মজুত কৰি ভাৰতক শলঠেকত পেলাবলৈ গ্ৰহণ কৰা কাৰ্য্যপন্থাক প্লেনিং টেবুলৰ কাগজৰ পৰা বাস্তৱ ৰুপ দিছে, ইয়াতেই ক্ষান্ত নেথাকি ভাৰতৰ প্ৰত্যাক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাছিয়াৰ পৰা এছ-৪০০ শৈলীৰ বিমান প্ৰতিৰোধী মিছাইলৰ অৰ্ডাৰ দিছে, প্ৰাপ্ত খবৰ অনুসৰি চীনে সৰ্বমুঠ ১২টা এছ-৪০০ ৰেজিমেণ্ট গঠন কৰিব।

ভাৰতেও উক্ত পৰিকল্পনাক গুৰুত্বসহকাৰে লৈ কিছু তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও এইমুহুৰ্তত দক্ষিণ ব্লকৰ হাত খালী।ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰা স্পাইডাৰ শ্ৰেণীৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী চীন সীমান্তত মোতায়েন কৰিছে যদিও ইয়াৰ কাৰ্যসক্ষমতাৰ ওপৰত যথেষ্ট সন্দেহৰ অৱকাশ আছে, ই অইন বিমান ধ্বংসকাৰী প্ৰতিৰোধ প্ৰণালীৰ দৰে এয়াৰ টু ছাৰফেছ মিছাইল ব্যৱহাৰ নকৰে কৰে ফ্ৰান্সত নিৰ্মিত ডাৰ্বী প্ৰভৃতিৰ এয়াৰ টু এয়াৰ মিছাইলহে যাৰ ৰেঞ্জ বাৰুকৈয়ে কম গতিকে কেনেকৈ উচ্চতাত থকা বিমান এখনক ই ধ্বংস কৰিব পাৰিব সেয়া চিন্তনীয়।

ভাৰতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মনোহৰ পাৰিকাৰৰ নেতৃত্বত ৰাছিয়াৰ পৰা ৫টা এছ-৪০০ মিছাইল ৰেজিমেণ্ট কিনাৰ বাবে ২০১৫ চনতেই প্ৰস্তাৱ গ্ৰহণ কৰে যদিও এতিয়ালৈ ইয়াক কাৰ্য্যকৰী কৰা হোৱা নাই, সমাগত ভাৰত-ৰাছিয়া বৈঠকত ইয়াৰ চূড়ান্ত চুক্তি সম্পাদিত হোৱাৰ আশা কৰা হৈছে।

চীনৰ এই শক্তিক প্ৰতিহত কৰিবলৈ ভাৰতে নিজৰ ২৭২ খন ছুখয় -৩০ এম কে আই বিমানক আধুনিকীকৰণৰ প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱ মৰ্মে নতুন শক্তিশালী ইঞ্জিন, এ’ছা (Aesa) নামৰ সৰ্বাধুনিক ৰাডাৰ, উন্নত ISET ট্ৰেকাৰ, উন্নত ককপিট সংযোজন কৰা হ’ব। উক্ত ব্যৱস্থাৰ সমৃদ্ধিকৰণে ভাৰতৰ ছুখয়-৩০ক চীনৰ নতুন ছুখয়-৩৫ এছৰ সমপৰ্য্যায়ৰ কৰিব বুলি কোৱা হৈছে।

ছুখয় ৩০ৰ সক্ষমতা বঢ়াবলৈ ফ্ৰান্সৰ এটা সংস্থাৰ পৰা অত্যাধুনিক দুৰগামী বিমানভেদী মেটেওৰ মিছাইল কিনাৰ সিদ্ধান্ত লোৱা হৈছিল ছুখয়ৰ লগত ৰাছিয়া আৰু ইজৰাইল জড়িত থকাৰ অজুহাতত ফ্ৰান্সে উক্ত মিছাইল দিবলৈ অমান্তি হয়। এই খবৰে দক্ষিণ ব্লকৰ কোঠাৰ বিষয়ববীয়াক চিন্তাক্লিষ্ট কৰি তুলিছে। ভাৰতৰ বায়ু সেনাপ্ৰধানে এয়াৰ মাৰ্শ্বাল বি এছ ধানোৱাই ভাৰতক ৪.৫ প্ৰজন্মৰ সৰ্বমুঠ ২০০ খন বিমানৰ প্ৰয়োজন বুলি কৈছিল কিন্ত ভাৰত চৰকাৰে ফ্ৰান্সৰ পৰা কেৱল ৩৬ খন ৰাফেলহে ক্ৰয় কৰে যত  দুৰ্নীতিৰ প্ৰসংগ উত্থাপিত হৈছিল।

আনহাতে, মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত আমেৰিকাৰ লকহীন মাৰ্টিন আৰু ছুইডেনৰ ছাব গ্ৰুপে নিজৰ এফ-১৬ আৰু ছাব গ্ৰিপেন বিমান ভাৰতত নিৰ্মান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাক নাকচ কৰি সেনা বিষয়া আৰু প্ৰতিষ্ঠান দুটাক আশাহত কৰি তোলে। তাৰ সলনি তেওঁৰ মন্ত্ৰালয়ে বিমান ক্ৰয় কৰাৰ বাবে নতুনকৈ সতেজ টেণ্ডাৰ মুকলি কৰে, এই টোগলকী হঠকাৰী সিদ্ধান্তৰ অন্তৰালত মুনাফালোভী দূৰ্নীতিগ্ৰস্ত আমোলাতন্ত্ৰক জগৰীয়া কৰা হৈছে। যিয়ে বিদেশৰ কোম্পানীৰ পৰা উপঢৌকন লৈ ক্ৰয় ব্যৱস্থাত খেলি-মেলি কৰি দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি প্ৰশ্নবোধক অনা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে।

ইপিনে ভাৰতৰ বহুপ্ৰত্যাশিত স্বদেশী লঘু বিমান তেজছে অনুমোদৰ ৩৫ বছৰ পিছতো সেনাত সম্পূৰ্ণকৈ অন্তভুক্ত হ’ব পৰাকৈ সাজু হৈ উঠা নাই। কেগৰ শেহতীয়া প্ৰতিবেদন মতে তেজছৰ সৰ্বমুঠ ৩৫ টাকৈ বিংসগতি পোৱা গৈছে যি অতি ভয়ানক তথ্য। তেজছৰ উক্ত বিসংগতিক দুৰ কৰাকৈ  ৪৩ টা নতুন সংযোজন সন্নিবিষ্ট  কৰি পৰিকল্পনা কৰা তেজছৰ এম কে ৱান এ বিমানৰ প্ৰাৰম্ভিক উৰণটো দুৰৰেই কথা উৎপাদনেই আৰম্ভ হোৱা নাই।

গতিকে উপৰিউক্ত তথ্যৰ পৰা প্ৰমাণিত হয় যে শত্ৰুপক্ষৰ পৰা অহা শংকাক ৰোধিবলৈ ভাৰতৰ বায়ু শক্তি এইমুহুৰ্তত পৰ্য্যাপ্ত নহয়, প্ৰতিৰক্ষা মন্ত্ৰালয়ে যদি সময়োপচিত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে দেশৰ প্ৰতিৰক্ষা আগ্ৰাসী শত্ৰুৰ দ্বাৰা যে মষিমূৰ হব সেয়া নিশ্চিত।