খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীয়ে বায়ুসেনাৰ কনভয়ত আক্ৰমণ চলাইছে। এই ঘটনাত সন্ত্ৰাসবাদীৰ হাতত ছহিদ হয় ১জন বায়ুসেনাৰ জোৱান। তদুপৰি আন ৫ জন আহত হয়। সেনাৰ সূত্ৰ অনুসৰি শনিবাৰে সন্ধিয়া পুঞ্চ জিলাৰ সুৰংকোট অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। ২০১৯ চনতো পুলৱামাত সেনাৰ কনভয়ত একেধৰণৰ আত্মঘাতী আক্ৰমণ সংঘটিত হৈছিল। য’ত ছহিদ হৈছিল ৪০ জন জোৱান।
সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, সন্ধিয়া বায়ুসেনাৰ জোৱানৰ কনভয় সুৰংকোট অঞ্চলৰ মাজেৰে পাৰ হৈ গৈ আছিল। কাশ্মীৰৰ কৃষ্ণঘাণ্টী অঞ্চলৰ বনাঞ্চলৰ সমীপত আকস্মিক আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে। সেনাৰ তথ্য অনুসৰি আহত হৈছে কমেও ৫ জন। জানিব পৰা মতে আহত ৫ জন সেনা জোৱানৰ এজনৰ অৱস্থা সংকটজনক।ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ সেনাই ব্যাপক অভিযান আৰম্ভ কৰিছে। সমগ্ৰ অঞ্চলটো ৰাষ্ট্ৰীয় ৰাইফলছৰ দ্বাৰা ঘেৰি ধৰা হৈছে। অনন্তনাগ-ৰাজৌৰী লোকসভা সমষ্টিৰ মাজত পৰে পুঞ্চ।সমষ্টিটোত ২৫ মে’ত ষষ্ঠ ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।