তীৰ্থযাত্ৰীৰ সুবিধাৰ্থে ০৫৬২৬ নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ

vlcsnap-2018-07-06-23h59m31s46 (1)

শুকুৰবাৰে আগৰতলা ৰেলৱে ষ্টেশ্যনত ৰেলৱে ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে ০৫৬২৬নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ  কৰে।

উল্লেখ্য যে এই সাপ্তাহিক ৰেলগাড়ীখনে শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ভক্তসকলৰ তীৰ্থস্থান দেওঘৰলৈ এখন পোনপটীয়া ৰেলগাড়ীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে। এই ৰেলগাড়ীখনে আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা গন্তব্যস্থান  দেওঘৰ ৰেলৱে ষ্টেশ্যনলৈ ১৪৭৪ কি:মি: দূৰত্ব ৩৬ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰিব। ৰেলগাড়ীখনত ১৬টা ডবা সংলগ্ন থাকিব। যাত্ৰা আৰু গন্তব্য ষ্টেশ্যনকে ধৰি মুঠ ৰেলগাড়ীখনৰ মুঠ ২২টা ষ্টপেজ থাকিব।

আনহাতে  দেওঘৰৰ পৰা আগৰতলা অভিমুখী ০৫৬২৫ নং দেওঘৰ-আগৰতলা এক্সপ্ৰেছ ৰেলগাড়ীখনে একেখিনি দূৰত্ব ৩৮ঘণ্টা ১০ মিনিটত অতিক্ৰম কৰিব।

ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিত সিনহা ৰয়, দুগৰাকী সাংসদ ঝৰ্ণা দাস বৈদ্য আৰু শংকৰ প্ৰসাদ দত্ত, মুখ্য সচিব সঞ্জীব ৰঞ্জন, বিধায়ক ৰামপ্ৰসাদ পাল, ড০ দিলীপ দাস, কৃষ্ণধন দাস, বিজেপি ৰাজ্যিক প্ৰভাৰি সুনীল দেওধৰ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল।

এই অনুষ্ঠানত ভাষণ ৰাখি মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে কয় যে যাতায়াতৰ সংযোগে এখন ৰাজ্য বিকশিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিগত চাৰি বছৰত ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নতি হৈছে বুলি তেওঁ কয়।

মুখ্য মন্ত্ৰগৰাকীয়ে তেওঁৰ ভাষণত যোগাযোগৰ উন্নয়নৰ দ্বাৰা উত্তৰ-পূবক হীৰালৈ (Highways, Inland Waterways, Railways and Airways চমুকৈ HIRA)ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জনায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মদিনত তীৰ্থস্থনখনলৈ এই ৰেলগাড়ীখনৰ শুভাৰম্ভ কৰা বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোৱেলৰ শলাগ লয়।

তেওঁ লগতে স্বপন দেববৰ্মা আৰু তেওঁৰ সন্তানগৰাকীক জীৱনৰ শংকা স্বত্তেও এখন চলন্ত ৰেলগাড়ীক অসন্ন দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ লগতে ২৫০০জনতকৈও অধিক যাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ বাবে শলাগ লয়।

ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহায়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশে ভালেখিনি ইতিবাচক পৰিৱৰ্তন দেখা পাইছে। প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূব আৰু বিশেষকৈ ত্ৰিপুৰাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

তেওঁ আৰু কয় যে বাংলাদেশৰ আখাউড়া আৰু চিটাগং বন্দৰৰ সৈতে ত্ৰিপুৰাৰ সংযোগ স্থাপন হ’লে ত্ৰিপুৰাৰ উন্নয়নৰ গতি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে খৰতকীয়া হ’ব। অৱঞশ্যে ইয়াৰ বাবে বাংলাদেশেও তেওঁলোকৰ ফালৰ কামৰ গতি খৰতকীয়া কৰিব লাগিব বুলি কয়।

উল্লেখ্য যে বৰ্তমানে মুঠ ১২খন ৰেলগাড়ী আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা যাত্ৰা কৰে।