NORTHEAST NOW (Assamese)

তুষাৰজিৎ শইকীয়াৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবীত দুলীয়াজানত কেইবাটাও সংগঠনৰ প্ৰতিবাদ

July 26, 2018 2:53 pm · এন ই নাও নিউজ

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ জালনী ক্লাবৰ চুইমিং পুলত যোৱা ২৫ জুনত তুষাৰজিৎ শইকীয়া নামৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ উচতি তদন্তৰ দাবীত আজি  দুলীয়াজানত কেইবাটাও সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

চুতীয়া ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয় মহিলা মঞ্চ, গোৰ্খা নাৰী পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুলীয়াজানা আঞ্চলিক সমিতিকে ধৰি কেইবাটাও সংগঠনে দুলীয়াজানৰ পিপলতল তিনিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

আৰু ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ অভিজাত ক্লাব জালনী ক্লাবৰ চুইমিং পুলত যোৱা ২৫ জুনৰ সন্ধিয়া অইল ইণ্ডিয়া লিমিটেডৰ বিদ্যুৎ বিভাগৰ বিষয়া দেবজ্যোতি শইকীয়াৰ পুত্ৰ তুষাৰজিৎ শইকীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল।

Related News