তুৰা শীতকালীন যুৱ মহোৎসৱ আৰম্ভ

ৰং আৰু য়ুৱশক্তিৰ স্পনন্দৰ সন্মিলনৰ মাজেৰে আজিৰ পৰা তুৰাত তুৰা শীতকালীন যুৱ মহোৎসৱৰ আৰম্ভ হৈছে। তিনি দিনীয়া মহোৎসৱটোৱে স্থানীয় প্ৰতিভাক এখন মঞ্চ দিয়াৰ লগতে স্থানীয় স্বয়ংসেৱী গোটবোৰকো তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী তথা ব্যৱসায়ৰ সুযোগ দিব। মহোৎসৱৰ শুভাৰম্ভ কৰি পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্ত ৰাম সিঙে। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ উপায়ুক্ত সিঙে কয়, ‘এই উৎসৱে গাৰো পাহাৰবাসীক শান্তিৰ বাট দেখুৱাব আৰু খ্ৰীষ্টমাছ আৰু বৰদিন আৰু নতুন বছৰৰ আগমনক অধিক উজলাই তুলিব। আমি যুৱচামক তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভাক দাঙি ধৰিবৰ বাবে এই উৎসৱটোত যোগ দিয়াটো বিচাৰিছো।’

তেওঁ লগতে কয় যে উৎসৱটোৱে সকলোকে এক হোৱাৰ আৰু হাঁহি-স্ফূৰ্তি কৰা আৰু তেওঁলোকক জীৱনটো উপভোগ কৰাৰ এটা সুযোগ দিব। লগতে শান্তি আৰ ঐক্যৰ বাৰ্তা বিয়পাই দিয়াৰো সুযোগ দিব।

‘আমি তুৰাবাসীসকলে এই মহোৎসৱটোত অংশগ্ৰহণ কৰাটো বিচোৰা আৰু বিভিন্নটা সম্প্ৰদায় তথা সংস্কৃতিৰ বৈচিত্ৰ্যৰ মাজত থকা ঐক্যৰ বাৰ্তা বিলাই দিয়াটো বিচাৰো। এই উৎসৱৰ মাজেৰে আমি সকলোকে অধিক সামাজিক কৰিব বিচাৰো আৰু লগতে তেওঁলোকৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ কামনা কৰো।’ সিঙে কয়।

আনহাতে আয়োজকে জনোৱা মতে উৎসৱটোত ম’বাইল ফট’গ্ৰাফি প্ৰতিযোগিতা, কাৰাওকে, চিনেমা প্ৰদৰ্শন, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বাদন প্ৰতিযোগিতা আদিও অনুষ্ঠিত হ’ব। উৎসৱটোত বিভিন্ন সা-সামগ্ৰীৰ প্ৰদৰ্শনী থকাৰ লগতে চৰকাৰী বিভাগবোৰেও নিজৰ নিজৰ বিষয়বস্তু উপস্থাপন তথা স্বচ্চ ভাৰত, স্বাস্থ্যকৰ জীৱন, মীন পালনৰ প্ৰয়োজনীয়তা, বহনক্ষম কৃষি পদ্ধতি আদিৰ বাৰ্তা দিয়াৰ বাবে ষ্টল দিয়া বুলি জানিব পৰা গৈছে।