NORTHEAST NOW (Assamese)

তেজপুৰত আৰম্ভ হৈছে উদ্যোগ ও বাণিজ্য মেলা

December 17, 2017 12:28 pm · দীপ কুমাৰ কলিতা

তেজপুৰৰ চাৰ্চ ফিল্ডত শনিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ‘উদ্যম ২০১৭’ শীৰ্ষক এখনি ঔদ্যোগিক তথা ব্যৱসায়িক বিষয়ৰ বাণিজ্য মেলা আৰম্ভ হৈছে।

এই শুভাৰম্ভ কাৰ্যসূচীটো মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই। অনুষ্ঠানটোত আন বহুতৰ উপৰিও উপস্থিত থকা বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল, শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, উত্তৰ অসম চেম্বাৰ্ছ অফ্ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ তেজপুৰৰ সভাপতি আৰু সম্পাদক ক্ৰমে নীলেশ কুমাৰ আগৰৱালা আৰু সুনীল পান্তি, শোণিতপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক মোহন চন্দ্ৰ ডেকা আৰু লঘু উদ্যোগ ভাৰতীৰ তেজপুৰ খণ্ডৰ সভাপতি মদন মোহন সিং।

লঘু উদ্যোগ ভাৰতী আৰু উত্তৰ অসম চেম্বাৰ্ছ অফ্ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ তেজপুৰ শাখাৰ সহযোগত ৰাজ্যিক উদ্যোগ আৰু বাণিজ্য বিভাগে এই মেলা খন আয়োজন কৰিছে। এই অনুষ্ঠানটোৰ মুখ্য প্ৰযোজক হৈছে পতঞ্জলি আৰু ভাৰতীয় ষ্টেট বেংক। উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় শোণিতপুৰ জিলা উদ্যোগ কেন্দ্ৰৰ মহা প্ৰৱন্ধক এম চি ডেকাই।

উদ্বোধনী ভাষণত সাংসদ আৰ পি শৰ্মাই দেশৰ মুঠ লঘু তথা ক্ষুদ্ৰ উদ্যোগৰ ৯৯ শতাংশ উদ্যোগ গঠনৰ ক্ষেত্ৰত অৰিহনা যোগোৱা লঘু উদ্যোগ ভাৰতীৰ প্ৰশংসা কৰে। শৰ্মাই লঘু উদ্যোগে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে বুলি কয়।

এই বাণিজ্য মেলাই অসমত উদ্যোগৰ সুযোগ আৰু সক্ষমতাৰ দিশত আলোকপাত কৰিব। ই লঘু আৰু ক্ষুদ্ৰ ঔদ্যোগিক খণ্ডক তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তুলি দৰাৰ লগতে বিপণনৰ সূত্ৰ বিচৰাৰ সুযোগ লাভ কৰিব।

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ৰাজ্যখনৰ ২০০ তকৈয়ো অধিক বিভিন্ন উদ্যোগক প্ৰতিনিধিত্ব কৰা বিপণীয়ে এই মেলাত অংশ গ্ৰহণ কৰিছে। এই মেলাই উদ্যোগ বিভাগ আৰু বিনিয়োগকাৰীক একেখন মঞ্চতে মত বিনিময় কৰাৰ তথা প্ৰস্তাৱ দাঙি ধৰাৰ সুযোগ দিব।

 

 

Related News