NORTHEAST NOW (Assamese)

তেজপুৰৰ কলিয়াভোমোৰা দলঙত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

March 30, 2018 7:54 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূসক ছবি

বৃহস্পতিবাৰে সন্ধিয়া তেজপুৰৰ কলিয়াভোমোৰা দলঙত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।

এখন দ্ৰুতবেগী বাইক আৰু সন্মুখৰ পৰা অহা ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত বাইক চালক সঞ্জয় চাহানী থিতাতে নিহত হয়।

নিহত সঞ্জয় চাহানীৰ ঘৰ তেজপুৰৰ আমোলাপামত বুলি জানিব পৰা গৈছে।

আনহাতে, দুৰ্ঘটনাটোত বাইকৰ আনগৰাকী আৰোহী চম্পক নাথ আহত হয়। আহত চম্পক নাথৰ ঘৰ তেজপুৰৰ বিহগুৰিৰ পিঠাখোৱাত।

প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে দুৰ্ঘটনাটোত ট্ৰাকখনৰ বিশেষ ক্ষতি হোৱা নাই। দ্ৰুতবেগী ট্ৰাকখনৰ লগত বিপৰীত পিনৰ পৰা অহা তীব্ৰবেগী বাইকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী দুজন ছিটিকি পৰে। ফলত বাইক আৰোহী সঞ্জয় চাহানীৰ থিতাতে নিহত হয়।

Related News