অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হৈ যোৱা চূড়ান্ত পৰীক্ষাত ফাদিল হোৱা বিজ্ঞানৰ তিনিখন প্ৰশ্নকাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেইদিনমান আগতে শিক্ষা সংসদৰ ফালৰ পৰা আৰু লগতে অধ্যক্ষগৰাকীয়েও পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা নহয় বুলি ঘোষণা কৰা সিদ্ধান্তক কাৰ্যবাহী পৰিষদে অনুমোদন দিয়ে। অৱশ্যে, শিক্ষা সংসদে প্ৰশ্ন কাকত ফাদিল হোৱা নাছিল, প্ৰশ্নকাকতৰ মিলহে আছিল বুলি দাবী কৰি আহিছে।
আনহাতে, শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোঁহাইয়ে গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ সৈতে শিক্ষা সংসদৰ বিষয়া কৰ্মচাৰীৰ হলি-গলি থকা কথাটো স্বীকাৰ কৰিছে। প্ৰশ্নকাকত যুগুতোৱাৰ পৰা আৰম্ভ কৰি প্ৰশ্নকাকত প্ৰেছলৈ পঠিওৱালৈকে প্ৰক্ৰিয়াটোত জড়িত লোকৰ ওপৰতো সন্দেহ ব্যক্ত কৰিছে অধ্যক্ষগৰাকীয়ে।
অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ বাবে বেলেগে পৰীক্ষা অনুষ্ঠিত কৰা নহয় যদিও ছায়েন্স একাডেমীৰ পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ বহীসমূহ সাৱধানতাৰে নিৰীক্ষণ কৰা হ’ব।
ৰাজ্যৰ ১৮২ খন বেচৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত বিতং অভিযান চলোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে কাৰ্যবাহী পৰিষদে। এই শিক্ষানুষ্ঠানসমূহত বিশেষ অনিয়ম ধৰা পৰিলে স্বীকৃতি বাতিল কৰা হ’ব পাৰে।
কাৰ্যবাহী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে চলিত বৰ্ষৰ পৰীক্ষাৰ সৈতে জড়িত ১৯জন বিষয়া কৰ্মচাৰীক উক্ত দায়িত্বৰ পৰা অঁতৰাই ৰখা হ’ব।
আনহাতে, পৰীক্ষাৰ আসোঁৱাহ সম্পৰ্কত প্ৰয়োজন হ’লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষকো তদন্তকৰিবলৈ দিয়া হ’ব পাৰে বুলি ব্যক্ত কৰে সংসদৰ অধ্যক্ষগৰাকীয়ে।
কাৰ্যবাহী পৰিষদৰ বৈঠকে পৰীক্ষা অনুষ্ঠিত কৰাত খেলিমেলি কৰাৰ বাবে তিনিটা পৰীক্ষা কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰে। তদুপৰি, এইবাৰ পৰীক্ষাৰ ফলাফলত শীৰ্ষ দহটা স্থান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বছৰৰ পৰা এই স্থান ৰখা হ’ব নে নাই সেয়া শিক্ষক, অভিভাৱক,ছাত্ৰ-ছাত্ৰী, বুদ্ধিজীৱী, শিক্ষাবিদ তথা ৰাজনৈতিক নেতৃত্বৰ মতামত গ্ৰহণ কৰি সিদ্ধান্ত লোৱা হ’ব।