NORTHEAST NOW (Assamese)

তেজপুৰৰ পৰা নতুন দিল্লীলৈ আৰম্ভ নিয়মীয়া বিমান সেৱা

April 27, 2018 11:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰ অসমৰ দল-সংগঠন তথা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত বৃহস্পতিবাৰে আৰম্ভ হ’ল তেজপুৰ শালনীবাৰী অসামৰিক বিমান কোঠৰ পৰা কলকাতা হৈ দিল্লী অভিমুখী নিয়মীয়া বিমান সেৱা

শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰৰ বিমান কোঠত বিমান সেৱাৰ শুভাৰম্ভণি উপলক্ষে আয়োজন কৰে এক বিশেষ অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত  মুখ্য অতিথি হিচাপে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।

সাংসদ শৰ্মাই দিয়া উদ্বোধনী ভাষণত দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীৰ পৰিণতিত উত্তৰপৰীয়া ৰাইজে এই তেজপুৰ-কলকাতা-জব্বলপুৰ-দিল্লী বিমান সেৱা লাভ কৰিবলৈ সক্ষম হ’ল বুলি কয়।

উল্লেখ্য যে এই বিমান সেৱা সপ্তাহৰ প্ৰতিটো দিনেই উপলব্ধ হ’ব। জানিব পৰা মতে, তেজপুৰৰ পৰা দিল্লীলৈ চলিবলগীয়া এই নিয়মীয়া বিমান সেৱাৰ বাবে প্ৰতিগৰাকী যাত্ৰীয়ে সম্প্ৰতি বহন কৰিব লাগিব ১০,৫০০ টকা।

তেজপুৰ বিমানকোঠৰ সঞ্চালক আৰ এন সিং, তেজপুৰৰ পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, আৰক্ষী অধীক্ষক পৃথ্বিপাল সিঙকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত সকলোৱে একেমুখে এই নতুন বিমান সেৱা প্ৰৱৰ্তন কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।

Related News