কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে সামৰি যোগাযোগ তথা যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে স্থলপথ, জলপথ আৰু আকাশীপথক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবেই অধিক গুৰুত্ব আৰোপ কৰিছে।
বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰত সীমান্তত অভাৱনীয়ভাৱে নিজৰ কাৰ্য কলাপ বৃদ্ধি কৰাৰ উপৰি স্থলপথৰ লগতে ৰেইলপথৰো সম্প্ৰসাৰণ কৰা প্ৰসংগই স্বাভাবিকতে চিন্তিত কৰি তুলিছে ভাৰত চৰকাৰক।
এনে সময়তে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ সৈতে যোগাযোগ তৰাণ্বিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ উৰণ আঁচনিৰ অধীনত অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যকো সামৰি লোৱাতো উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
উল্লেখ্য যে অচিৰেই যোৰহাটৰ লগতে ৰাজ্যখনৰ আন ঠাইৰ পৰা ‘উৰণ আঁচনি’ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত ইণ্ডিগ’ এয়াৰলাইন্সে বিমান সেৱা আৰম্ভ কৰিব।
এই সন্দৰ্ভত যোৰহাটৰ এয়াৰপ’ৰ্ট সঞ্চালক পি কে মিশ্ৰই জানিবলৈ দিয়ে যে ইতিমধ্যে ইণ্ডিগ’ এয়াৰলাইন্সৰ পুনিত মহৰ্ষি নামৰ এজন বিষয়া যোৰহাটলৈ (ৰৰৈয়া বিমান কোঠ) আহি বিমান বন্দৰৰ আন্তঃগাঁথনি বিষয়ে বুজ লৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰি বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিছে।
লগতে মিশ্ৰই জানিবলৈ দিয়ে যে যোৰহাট কলকাতাৰ মাজত প্ৰথমে চলাচল হ’ব লগা ইণ্ডিগ’ বিমান সেৱা সম সাময়িকভাৱে অসমৰ আন ঠাইলৈকো সম্প্ৰসাৰণ হ’ব।
যোৰহাটৰ এয়াৰপ’ৰ্ট সঞ্চালক মিশ্ৰই লগতে জানিবলৈ দি কয় যে ‘জুম এয়াৰলাইন্স’কো কেন্দ্ৰৰ উৰণ আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু জুম এয়াৰলাইন্সেও যোৰহাট-কলকাতাৰ মাজত অচিৰেই বিমান সেৱা আৰম্ভ কৰিব।
তদুপৰি ডিব্ৰুগড়, যোৰহাট আৰু কলকাতাৰ মাজত অহা জুন মাহৰ পৰা ইণ্ডিগ’ বয়িং বিমান সেৱা আৰম্ভ হোৱাৰো সম্ভাৱনা আছে।
ইফালে কেন্দ্ৰৰ উৰণ আঁচনিৰ জৰিয়তে যোৰহাট, তেজপুৰ আৰু লখিমপুৰৰ মাজতো অচিৰেই হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব।
আনহাতে, যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জেট্ এয়াৰৱেজে বৰ্তমান চলি থকা বিমানৰ উপৰি সপ্তাহত এদিন অতিৰিক্তভাৱে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী হৈ মুম্বাইলৈ আন এখন বিমান চলোৱাৰ বিষয়েও সক্ৰিয়ভাৱে বিবেচনা কৰি আছে বুলি সংশ্লিষ্ট সূত্ৰই জানিবলৈ দিছে।