মহাকাশপ্ৰেমী তথা মহাকাশ বিজ্ঞান অনুৰাগীসকলৰ বাবে চলিত নৱেম্বৰ মাহটো অত্যন্ত ৰোমাঞ্চকৰ হ’বলৈ গৈ আছে। অহা ২৪ নৱেম্বৰত আকাশত ‘বিভাৰ মুন’ (Beaver Moon) নামৰ এক বিৰল ছুপাৰমুন দৃশ্যমান হ’ব। এই সময়ত চন্দ্ৰটো পৃথিৱীৰ আটাইতকৈ নিকটতম বিন্দুত অৰ্থাৎ পেৰিজিৰ (Perigee) ওচৰত অৱস্থান কৰিব, যাৰ ফলত চন্দ্ৰটো সাধাৰণ অৱস্থাতকৈ প্ৰায় ১৪ শতাংশ ডাঙৰ আৰু অধিক উজ্জ্বল দেখা যাব। বিজ্ঞানীসকলৰ মতে, এই সময়ত পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব হ’ব প্ৰায় ২,২১,৮১৭ মাইল আৰু এয়াই হৈছে চলিত বৰ্ষৰ অন্তিমটো ছুপাৰমুন।
প্ৰয়াগৰাজৰ জৱাহৰ তাৰকাগৃহৰ প্ৰাক্তন বিজ্ঞানী সুৰুৰ ফাতিমাই জানিবলৈ দিয়া মতে, পাৰম্পৰিকভাৱে আমেৰিকাৰ জনজাতীয় লোকসকলে নৱেম্বৰৰ এই পূৰ্ণিমাক ‘বিভাৰ মুন’ বুলি নামকৰণ কৰিছিল। শীতকালৰ আৰম্ভণিতে ‘বিভাৰ’ নামৰ প্ৰাণীবিধ (পানী আৰু মাটি দুয়োঠাইতে থকা প্ৰাণী) ঠাণ্ডাৰ পৰা বাচিবলৈ আৰু শীতৰ বাবে খাদ্য জমা কৰি পানীৰ তলৰ আশ্ৰয়স্থললৈ যোৱাৰ বাবেই চন্দ্ৰটোক এই নাম দিয়া হৈছিল। বহু সময়ত ইয়াক ‘ফ্ৰষ্টী মুন’ বা নিয়ৰৰ চন্দ্ৰ বুলিও কোৱা হয়।
‘বিভাৰ মুন’ৰ উপৰি এই মাহত আকাশত আন কেইবাটাও বিৰল মহাজাগতিক পৰিঘটনা দেখা যাব। ১৭ আৰু ১৮ নৱেম্বৰৰ নিশা আকাশত ‘লিঅ’নিডছ’ (Leonids) উল্কাপাত দৃশ্যমান হ’ব। বতৰ ফৰকাল থাকিলে মাজনিশা উত্তৰ-পূব দিশত প্ৰতি ঘণ্টাত ১০ৰ পৰা ১৫ টা পৰ্যন্ত উল্কাপিন্ড সৰি পৰা দেখা যাব। সিংহ তাৰকামণ্ডলৰ পৰা ওলোৱা যেন অনুভৱ হোৱাৰ বাবেই এই উল্কাপিন্ডসমূহক এনেদৰে নামাংকন কৰা হৈছে।
আনহাতে, অহা ২৭ নৱেম্বৰত শুক্ৰ গ্ৰহটো এই বৰ্ষৰ বাবে আটাইতকৈ উজ্জ্বল ৰূপত দেখা যাব। ইয়াৰ পূৰ্বে ১৫ আৰু ১৬ নৱেম্বৰত মঙল আৰু বৃহস্পতি গ্ৰহ পৰস্পৰৰ অতি ওচৰলৈ আহিব (প্ৰায় ১.২ ৰ পৰা ২ ডিগ্ৰী দূৰত্বত) আৰু ১৬ নৱেম্বৰত চন্দ্ৰৰ সৈতেও এই গ্ৰহ দুটাৰ এক বিৰল সংযোগ দৃশ্যমান হ’ব। ২১ নৱেম্বৰত চন্দ্ৰ শনি গ্ৰহৰ কাষত আৰু ৩০ নৱেম্বৰত মঙল গ্ৰহৰ কাষত অৱস্থান কৰিব। তদুপৰি, ২৫ নৱেম্বৰত ইউৰেনাচ সূৰ্যৰ ঠিক বিপৰীত দিশত থকাৰ বাবে সমগ্ৰ নিশা অধিক উজ্জ্বলভাৱে জিলিকি থাকিব।
ইয়াৰ সমান্তৰালভাৱে, বতৰ অনুকূল থাকিলে এই মাহত মহাকাশত কেইবাটাও উজ্জ্বল তাৰকামণ্ডল আৰু নক্ষত্ৰ খালী চকুৰেই প্ৰত্যক্ষ কৰিব পৰা যাব। মহাকাশৰ এই শৃংখলাবদ্ধ বিৰল পৰিঘটনাসমূহে এতিয়া বিশ্বজুৰি মহাকাশ বিজ্ঞানী আৰু সাধাৰণ অনুৰাগীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা আৰু আগ্ৰহৰ সৃষ্টি কৰিছে।





