এন চি চিৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত আৰু যোৱা ১৯ ডিচেম্বৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শুভাৰম্ভ কৰা ১০ দিনীয়া ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ আজি সফল সমাপ্তি ঘটে। সমগ্ৰ ভাৰতৰ ১৭টা ৰাজ্যিক সঞ্চালকালয়ৰ ৬০০ এন চি চি কেডেটে এই শিবিৰত অংশ গ্ৰহণ কৰে। শিবিৰ মুকলি কৰি ৰাজ্যপাল গৰাকীয়ে কেডেটসকলক দেশৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি বুজাৰ বাবে ‘দেশ প্ৰথম’ (Country First) বাণীটো হৃদয়ংগম কৰাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত শিবিৰত অংশগ্ৰহণকাৰী সকলে সেনাৰ গজৰাজ বাহিনীৰ মুৰব্বীৰ এক প্ৰেৰণাময় বক্তৃতা, বিমান বাহিনীৰ তেজপুৰৰ আস্থান ভ্ৰমণ আৰু ভাৰতীয় সেনাৰ বিভিন্ন যুদ্ধাস্ত্ৰ প্ৰদৰ্শন আদিৰ অভিজ্ঞতা লভে। তাৰোপৰি আন্তঃসঞ্চালকালয় ড্ৰিল, তৰ্ক, সমূহীয়া গীত-নৃত্য, ৰাষ্ট্ৰীয় একতা সজাগতা প্ৰদৰ্শন আদি কাৰ্যসূচীত কেডেটসকলে উৎসাহেৰে অংশ গ্ৰহণ কৰে। ২৮ ডিচেম্বৰত উক্ত শিবিৰৰ সামৰণি ভাষণত এন চি চিৰ তেজপুৰ গোটৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ মহেন্দ্ৰ সিং যোধাই অংশগ্ৰহণকাৰী সকলক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ শলাগ লৈ তেওঁলোকক শিবিৰৰ পৰা ধনাত্মক বাৰ্তাসমূহ কঢ়িয়াই নি ভাৰতৰ আদৰ্শ নাগৰিক হোৱাৰ বাবে আহ্বান জনায়।