NORTHEAST NOW (Assamese)

ত্রিপুৰাৰ দুৰ্গম গ্ৰামাঞ্চলত আছাম ৰাইফলছৰ মেলেৰিয়া প্ৰতিৰোধী কৰ্মশালা সম্পন্ন

March 1, 2018 11:31 am · এন ই নাও
Updated: March 1, 2018 11:32 am

সামাজিক কল্যানমূলক আঁচনিৰ অংশ হিচাপে ত্ৰিপুৰাৰ থেলাকুম নামৰ এখন দুৰ্গম গাঁৱত বুধবাৰে আছাম ৰাইফলছে  এখন মেলেৰিয়া প্ৰতিৰোধী কৰ্মশালা অনুষ্ঠিত কৰে।

আছাম ৰাইফলছৰ ২১ ছেক্টৰৰ উদ্যোগত মেলেৰিয়া সন্দৰ্ভত গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধিৰ উদ্দ্যেশ্য উক্ত কৰ্মশালা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে কৰ্মশালাখনত মেলেৰিয়া বিয়পাৰ কাৰণ তথা ইয়াৰ সহজ সমাধানৰ উপায় সমূহৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে জোৱান সকলে।

কৰ্মশালাখনত মহিলা, শিশু আৰু যুৱক-যুৱতী সহ প্ৰায় ১৩০ গৰাকী লোকে অংশ্ৰগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে আছাম ৰাইফলছে।

উল্লেখ্য যে ত্ৰিপুৰাত প্ৰতি বছৰে বহু লোক মেলেৰিয়াত আক্ৰান্ত হয়। বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত অঞ্চলটোত ৰোগবিধে মাৰাত্মক ৰূপ ধাৰণ কৰে।

সেয়েহে ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে আছাম ৰাইফলছে গ্ৰহণ কৰা উদ্যোগৰ শলাগ লৈছে গাঁওবাসীয়ে।

আনহাতে উদয়পুৰত এই উপলক্ষে বুধবাৰে এখন প্ৰীতি ফুটবল মেচৰো আয়োজন কৰে আছাম ৰাইফলছে।

গোমতী জিলা যুৱ সংস্থা-স্প’ৰ্টছ ক্লাব আৰু আছাম ৰাইফলছৰ জোৱান সকলৰ মাজত অনুষ্ঠিত প্ৰীতি মেচখনত বহু সংখ্যক দৰ্শক উপস্থিত থাকে।

উল্লেখ্য যে স্থানীয় প্ৰতিভা সমূহক উৎসাহিত কৰিবলৈ এনে ধৰণৰ মেচ খেলাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে কেইবাগৰাকীও সেনা জোৱানে।

 

Related News